একাংশ মিঞাৰ দখলত আদিংগিৰি পাহাৰ । গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান ।
গুৱাহাটীৰ মালিগাঁওৰ আদিংগিৰি সূৰ্য পাহাৰত মিঞাৰ দপদপনি ।
প্ৰায় ৩০০ ঘৰ মানুহে অবৈধভাৱে সাজিছে ঘৰ । পাহাৰৰ বুকুত শ শ গছ গছনি কাটি সেই ঠাই দখল কৰিছিল বেদখলকাৰীয়ে । অবৈধ বসতি স্থাপনৰ উদ্দেশ্য ঘৰ- দুৱাৰ , দোকান পোহাৰ , মছজিদ আদি স্থাপন কৰিছিল সেই ঠাইত । দেৱোত্তৰ ভূমিতে তালিম লৈছে মাদ্ৰাছাৰ শিক্ষাৰ । আনহাতে উজ্জ্বল নগৰৰ নাম সলনি কৰি কুদৰতপুৰ নামেৰে নতুন নাম দিছিল । সন্দেহযুক্ত নাগৰিকে স্থাপন কৰিছে হাফিজিয়া মাদ্রাছা এটিমখনা ।
প্ৰশাসনে বান্ধি দিলে ৭ দিনৰ সময়সীমা ।
অতি শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ চলোৱা হব । ৰাজহ চক্ৰ বিষয়া ACS ৰাজা বৈশ্যৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । ৰাজহ চক্ৰ বিষয়াৰ পৰ্য্যবেক্ষণৰ পিছতেই বন বিভাগৰ পৰা জাৰি কৰা হয় উচ্ছেদৰ জাননী । এফালৰ পৰা বুলড’জাৰ চলাই ভাঙি পেলোৱা হ’ব ঘৰ-দুৱাৰ ।
উল্লেখ্য যে , গুৱাহাটী মহানগৰীৰ এই অঞ্চলৰ পৰা দেখা যায় শৰাইঘাট দলং, বর্ষাপাৰা ক্রিকেট স্টেডিয়াম ।