Braking

পুনৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বিমান! বিমানৰ আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা !

ৰাছিয়াৰ আমুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে আংগাৰা এয়াৰলাইন্সৰ এখন বিমান
বিমানখনত আছিল ৪৯ গৰাকী যাত্ৰী।
কেইঘণ্টামান আগতে ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল এই বিমানখন।
বিমান দুৰ্ঘটনাত ৪৯ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।

ইতিমধ্যে ৰাছিয়াৰ সেনাই বিচাৰি পাইছে বিমানখনৰ ধ্বংসাৱশেষ।
ইয়াৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে।

সংবাদ সংস্থা TASS ৰ মতে, AN-24 ক’ডেৰে পৰিচালিত এই বিমানখনত ৫টা শিশুকে ধৰি ৪৩ জন যাত্ৰী আছিল। একে সময়তে বিমানখনত ৬ জন বিমান কৰ্মী উপস্থিত আছিল।
তথ্য অনুসৰি বিমানখন টিণ্ডা বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া আছিল যদিও প্ৰথম প্ৰচেষ্টাত বিমানখন সফল নহ’ল, তাৰ পিছত পাইলটে পুনৰ অৱতৰণ কৰিবলৈ চেষ্টা কৰে যদিও ১৫ কিলোমিটাৰ দূৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাগ্ৰস্ত AN-24 বিমানখনৰ ধ্বংসাৱশেষ ডেৰ কিলোমিটাৰলৈকে সিঁচৰতি হৈ পৰিছে।

ৰছীৰ সহায়ত সেই স্থানত অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে উদ্ধাৰকাৰী দলে।
২৪ জুলাইৰ পুৱা ৭:৩৬ বজাত খাবাৰোভস্কৰ পৰা উৰা মাৰিছিল বিমানখনে।

Leave a Reply