Braking

ভাৰতৰ প্ৰথম মহিলা চোৰাংচোৱা নীৰা আৰ্য্যা

সময়ৰ সোঁতত পাহৰি যোৱা এগৰাকী বিপ্লৱী । নেতাজীক বচাবলৈ হত্যা কৰিছিল নিজ স্বামীক I

ইতিহাসৰ পাতত বিশেষ স্থান দখল কৰা এই গৰাকী মহিলাৰ নাম নীৰা আৰ্য্যা । তেওঁ আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম মহিলা চোৰাংচোৱা তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সাহসিনী যোদ্ধা I

উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ খেকৰা নগৰত  ১৯০২ চনৰ ৫ মাৰ্চত জন্মগ্রহণ কৰা নীৰা এজন ব্যৱসায়ীৰ জীয়াৰী । কন্যাক ইংৰাজ বিষয়া শ্ৰীকান্ত জয় ৰঞ্জন দাসৰ লগত বিয়া দিছিল । শ্ৰীকান্ত জয় ৰঞ্জন দাস ব্ৰিটিছ ভাৰতৰ চি আই ডি পৰিদৰ্শক আছিল। নীৰা নিজ দেশক মুক্ত কৰিবলৈ যিমানেই সংগ্ৰামী আছিল সিমানেই স্বামীও ইংৰাজৰ প্ৰতি সমানেই আনুগত্যশীল আছিল । সৰুতে তেওঁ বীৰ স্বাধীনতা সংগ্ৰামী ভগত সিঙক লগ পোৱাৰ সুযোগ পাইছিল যেতিয়া তেওঁ ইংৰাজৰ পৰা পলায়ন কৰিবলৈ কেইবাদিনো হাৰিয়ানাত আত্মগোপন কৰিছিল।

নীৰা আৰ্য্যাই নিজ দেশক মুক্ত অপ্ৰাণ চেষ্টা কৰিছিল ।

এই কাৰণতে তেওঁ আজাদ হিন্দ ফৌজৰ ঝান্সী ৰেজিমেণ্টত যোগদান কৰে। সৰুৰে পৰা জাতিৰ কল্যাণৰ প্রতি উৎসৰ্গিত নীৰাই শিক্ষাৰ পিছত  ৰাণী ঝাঁসী ৰেজিমেণ্ট-ৰ সদস্যা হিচাপে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ভাৰতৰ স্বাধীনতাৰ বাবে যুদ্ধ কৰিছিল।নীৰাৰ জীৱনৰ এটা নাটকীয় ঘটনাই তেওঁৰ অগাধ দেশপ্ৰেম প্ৰমাণ কৰে। এক বিপজ্জনক পৰিস্থিতিত পৰি নেতাজীক ৰক্ষা কৰাৰ স্বাৰ্থত হত্যা কৰিব লগা হয় নিজ স্বামীক ।  ব্ৰিটিছ চৰকাৰৰ আদেশ অনুসৰি তেওঁৰ স্বামীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত নীৰাই স্বামীক হত্যা কৰি নেতাজীৰ প্ৰাণ ৰক্ষা কৰে । এই ঘটনাই তেওঁক চোৰাংচোৱাৰ ৰূপত আগবঢ়ায় I

নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি অনুগত নীৰাই এজন গুপ্তচৰ হিচাপে স্বামীৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস দেখুৱায়।

যাৰ বাবে তেওঁ আন্দামানৰ চেলুলাৰ জেলত কাৰাবাস খাটিবলগীয়া হৈছিল ।কাৰাগাৰত থকা অৱস্থাত তেওঁক উৎকোচ আৰু অত্যাচাৰৰ মাধ্যমেৰে সত্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছিল । ইয়াত তেওঁক এটা সৰু কোঠাত ৰখা হৈছিল। তেওঁক লোহাৰ শিকলিৰে বান্ধি থোৱা আছিল। এই সময়ছোৱাত তেওঁ নৰকীয় অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। তথাপি, নীৰাই কেতিয়াও নিজৰ জাতি আৰু নেতাজীৰ বিৰুদ্ধে কোনো তথ্য প্ৰকাশ কৰা নাছিল। ফলত ব্ৰিটিচে তেওঁৰ ওপৰত অমানৱিক অত্যাচাৰ চলায় ।

স্বাধীনতাৰ পিছত নীৰা আৰ্য্যাই দৰিদ্ৰতাৰ মাজত জীৱন অতিবাহিত কৰে।

তেওঁ তেওঁৰ সাহস আৰু আত্মত্যাগৰ স্বীকৃতি যথোপযুক্ত ৰূপত লাভ নকৰিলে । পৰৱৰ্তী কালত হায়দৰাবাদৰ এটা জুপুৰীত ফুল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল । চৰকাৰী সাহায্যৰ অবিহনে ১৯৯৮ চনৰ ২৬ জুলাইত ওছমানিয়া হাস্পতালত মৃত্যুবৰণ কৰে I শেহতীয়া এক তথ্য অনুসৰি নীৰা আৰ্যাৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন বায়’পিক , বায়’পিকখনৰ জৰিয়তে পুনৰ এবাৰ জনসাধাৰণৰ মাজত এই পাহৰি পৰা বিপ্লৱীগৰাকীৰ নাম উজ্জ্বল  হৈ উঠিব । ৰূপা আয়াৰৰ পৰিচালনাত নিৰ্মিত বায়’পিকখনত নীৰাৰ জীৱনৰ বিভিন্ন অধ্যায় প্ৰদৰ্শিত হ’ব I

ইতিহাসৰ পাতত তেওঁ এখন বিস্মৃত অধ্যায় হৈ পৰি থাকিল !  নীৰা নীৰা আৰ্য্যাৰ জীৱনৰ দৃষ্টান্ত আমাৰ বাবে স্মৰণযোগ্য হওঁক । সেয়া কেৱল ইতিহাসৰ এক অধ্যায় নহয়, বৰং এটি সততাই, সাহসিকতাৰ আৰু জাতিৰ প্ৰতি নিষ্ঠাৰ অনুপম নিদৰ্শন।

Leave a Reply