নেপালৰ পিছত এইবাৰ লণ্ডনত বিদ্ৰোহৰ জুই ।
স্তব্ধ হৈ পৰিল সমগ্ৰ লণ্ডন । বিদ্ৰোহ-প্ৰতিবাদত উত্তাল চেণ্ট্ৰেল লণ্ডন । প্ৰতিবাদত উত্তাল লণ্ডনৰ ৰাজপথ । অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল প্ৰায় ১ লাখ ১০ হাজাৰ লোক । এই বিশাল প্ৰতিবাদৰ আঁৰত এজন ব্যক্তি । তেওঁৰ নাম টমি ৰবিনছন । আনহাতে ‘ষ্টেণ্ড আপ টু ৰেচিজম” সংস্থাটোৱে প্ৰতিবাদৰ বিৰোধীতাৰে উলিয়াই সমদল I শনিবাৰে ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ ৰাজপথত Unite the Kingdom প্ৰতিবাদ । অবৈধভাৱে বসবাস কৰা সকলক শীঘ্ৰেই লণ্ডনৰ পৰা বাহিৰ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ।
লণ্ডনৰ মেট্ৰপলিতান পুলিচে জানিব দিয়া মতে ইউনাইট দ্য কিংডম প্ৰতিবাদৰ আয়োজন কৰিছিল উগ্ৰ সোঁপন্থী ৰাজনৈতিক কৰ্মী টমী ৰবিনছনে । ৰবিনছনৰ প্ৰকৃত নাম ষ্টিফেন ইয়াক্সলি-লেনন। তেওঁ নিজকে চৰকাৰী দুৰ্নীতি উদঙাই দিয়া সাংবাদিক বুলি অভিহিত কৰে। অৱশ্যে তেওঁৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈছে। একে সময়তে ব্ৰিটেইনৰ সৰ্ববৃহৎ অনুপ্ৰৱেশ বিৰোধী ৰাজনৈতিক দল ৰিফৰ্ম ইউ কেয়ে ৰবিনছনৰ পৰা নিজকে আঁতৰাই ৰাখিছে। উগ্ৰ সোঁপন্থী কৰ্মী টমী ৰবিনছনে আয়োজন কৰা এই প্ৰতিবাদত লণ্ডনৰ ৰাজপথত অনুপ্ৰৱেশৰ বিৰুদ্ধে ১লাখ ১০ হাজাৰতকৈ অধিক লোকে সমদল উলিয়ায় । প্ৰতিবাদকাৰীয়ে ব্ৰিটেইন আৰু ইংলেণ্ডত পতাকা উত্তোলন কৰে । অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে এক্সন ল’বলৈ দাবী প্ৰতিবাদকাৰীৰ ।
অবৈধভাৱে বসবাস কৰা সকলক শীঘ্রেই লণ্ডনৰ পৰা বাহিৰ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে । যুক্তৰাজ্য আৰু ইংলেণ্ডৰ পতাকা উত্তোলন কৰি বিক্ষোভকাৰীয়ে প্ৰধানমন্ত্ৰী আৰু চৰকাৰী বিভাগসমূহৰ বাসস্থান লণ্ডন জিলা হোৱাইটহললৈ যাত্ৰা কৰে। এই প্রতিবাদৰ বিৰোধিতাৰে আন একাংশই উলিয়াই সমদল। “ষ্টেণ্ড আপ টু ৰেচিজম” সংস্থাটোৱেও হোৱাইটহলৰ আনটো মূৰত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াত প্ৰায় ৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিবাদস্থলীত ১৬০০ তকৈ ও অধিক আৰক্ষী নিয়োজিত কৰা হৈছে । প্ৰতিবাদক কঠোৰ হাতেৰে দমন কৰিছে লণ্ডনৰ প্ৰশাসনে । কমেও ২৫ জন প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হৈছে । সংঘৰ্ষত আহত ২৬ জন আৰক্ষী বিষয়া । আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীয়েও হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হয় ।