বিপদে লগ এৰা নাই এয়াৰ ইণ্ডিয়াক । আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াত ধাৰাবাহিক অঘটনৰ ঘটনা ।
পুনৰ এয়াৰ ইণ্ডিয়া বিমানত যান্ত্ৰিক বিজুতি I
তিৰুৱন্তপুৰমৰ পৰা দিল্লী অভিমুখী বিমানখনত বিজুতি । বিমানখনত আছিল কেইবাজনো জেষ্ঠ্য ৰাজনৈতিক নেতা । বিমানখনত আছিল AICC ৰ সাধাৰণ সম্পাদক তথা সাংসদকে চি ভেনুগোপাল , UDF ৰ অদুৰ প্ৰকাশ , জ্যেষ্ঠ কংগ্ৰেছ নেতা কডিকুন্নিল সুৰেশ , কে. ৰাধাকৃষ্ণণ আৰু তামিল নাডুৰ বিধায়ক ৰবাৰ্ট ব্ৰুচ ।
চেন্নাইৰ বিমান বন্দৰত জৰুৰী অৱতৰণ AI-2455 বিমান খনৰ ।
তিৰুৱনন্তপুৰম বিমানবন্দৰৰ টাৰ্মিনেল ৩ ৰ পৰা নিশা ৮.০৪ বজাত ৰাওনা হোৱা বিমানখন এঘণ্টাৰ পিছত চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয় বুলি বিমান ট্ৰেকিং প্লেটফৰ্মে প্ৰকাশ কৰিছে।