অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে ।
এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে । ৰঙিয়াৰ শিক্ষক মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদ B.tech কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ । আৰিয়ানে International Astronomical Search Collaboration (IASC) ৰ অধীনত দুটা গ্ৰহাণু আৱিষ্কাৰ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । এই দুটা গ্ৰহাণুক বৰ্তমানৰ বাবে NASA ই 2024 VE8 আৰু 2024 VC23 নামেৰে নামাকৰণ কৰিছে ।
২০২৪ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত নাছাৰ সহযোগত অনুষ্ঠিত IASCৰ আনুষ্ঠানিক গৱেষণা অভিযানত অংশগ্ৰহণ কৰিছিল আৰিয়ানে । হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এষ্ট্ৰ’নমিৰ দ্বাৰা পৰিচালিত Pan-STARRSৰ পৰা প্ৰাপ্ত তথ্য বিশ্লেষণ কৰি দুটা মেইন বেল্ট গ্ৰহাণু চিনাক্ত কৰিছে।বৰ্তমান 2024 VE8 আৰু 2024 VC23 নামেৰে নামাকৰণ কৰা এই গ্ৰহানু দুটাৰ নামাকৰণ ভৱিষ্যতে আৰিয়ান জিচানে কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । IASCৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান আৰু গৱেষণাৰ বাবে নাছাৰ এই স্বীকৃতিয়ে আৰিয়ানৰ প্ৰচেষ্টাক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে । এই বিৰল কৃতিত্বৰ বাবে নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ থাকিব আৰিয়ান জিছান আহমেদ ।