উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I অসমৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I
দুদিনীয়া কাৰ্য্যসূচীৰে ১৩ ছেপ্টেম্বৰত অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি অসমক ধন্য কৰে।ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ মূখ্য অতিথি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ ।
খানাপাৰাত জন্মশতবাৰ্ষিকী অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত নিৰ্মিত তথ্য চিত্ৰ মুকলি কৰাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মাৰক মুদ্ৰা মুকলি । জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱনী।সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ১০০ টকীয়া মুদ্রা। সুধাকণ্ঠৰ জন্মৰ শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ সন্মুখত ১২০০ শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেন্দ্ৰ সংগীতৰ কেইটাবাটো কলি । লগতে প্ৰধানমন্ত্ৰীৰ মুখতো শুনিবলৈ পোৱা গ’ল ভূপেন্দ্ৰ সংগীত ‘মানুহে মানুহৰ বাবে’
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন I আজি মঙলদৈ, নুমলীগড়ত দুখনকৈ জনসভা মোদীৰ I আধাৰশিলা স্থাপন কেবাটাও বহু হাজাৰ টকীয়া প্ৰকল্পৰ I পুৱা মঙলদৈত প্ৰথমটো অনুষ্ঠান , দৰং মেডিকেল কলেজ. গুৱাহাটী ৰিং ৰোড, কুৰুৱা-নাৰেংগী দলঙৰ আধাৰশিলা স্থাপন I মঙলদৈত ৪,৫৩০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ I জি এন এম বিদ্যালয়, বি এছ চি নাৰ্ছিং মহাবিদ্যালয়সহ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ I
দৰং চিকিৎসা মহাবিদ্যালয়খনে ২০৩০ চনৰ ভিতৰত অসমত ৩০খন চিকিৎসা মহাবিদ্যালয়েৰে সমৃদ্ধ কৰোৱাৰ আমাৰ দৃষ্টিভংগী-উদ্দেশ্যক আগুৱাই লৈ গৈছে, যিয়ে অসমক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাব৷ আনহাতে গুৱাহাটী ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা দলঙে গুৱাহাটীৰ নিকটৰ অঞ্চলসমূহৰ জনসাধাৰণৰ যাতায়াতক অধিক সুচলতা প্ৰদান কৰাৰ লগতে নিশ্চিতকৈ পূৰ্বৰ তুলনাত বহু সময় ৰাহি কৰাব আৰু ৰাজধানী চহৰ গুৱাহাটীক ভিৰমুক্ত কৰিব। বিয়লি নুমলীগড়ত প্ৰধীনমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যসূচী I ইথানল প্রকল্প দেশবাসীলৈ উছর্গা প্রধানমন্ত্রীৰ I বাঁহ ব্যৱহৃত দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ ইথানল প্রকল্পৰ লগতে পলিপ্ৰপেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন I দুয়োটা স্থানতে একোখনকৈ জনসভা সম্বোধন মোদীৰ I