প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ I ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী মোদীৰ
ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হ’ল মোদী I প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ। ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হ’ল মোদী। প্ৰধানমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত হৈ থকা মোদীৰ আজি 4,078 দিন সম্পূৰ্ণ হ’ল I
ভাৰতীয় ইতিহাসত দ্বিতীয় দীৰ্ঘতম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে নৰেন্দ্ৰ মোডীয়ে ।
মোডীৰ ঘৰ গুজৰাটৰ বদনগৰৰ । ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ২০১৪ চনলৈকে এই পদত অধিষ্ঠিত হৈ ভাৰতীয় জনতা পাৰ্টিক ঐতিহাসিক ৰাষ্ট্ৰীয় জয়ৰ দিশত আগুৱাই লৈ যায় । নৰেন্দ্ৰ মোদী স্বাধীনতাৰ পিছত প্ৰথম আৰু একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে সৰ্বাধিক দীৰ্ঘদিনীয়া অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আৰু অহিন্দীভাষী মন্ত্ৰী । ইয়াৰ উপৰিও তেওঁ প্ৰথম আৰু একমাত্ৰ অকংগ্ৰেছী নেতা যিয়ে দুটা পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰি দুবাৰকৈ সংখ্যাগৰিষ্ঠতাৰে পুনৰ নিৰ্বাচিত হৈছিল যাৰ ফলত তেওঁ লোকসভাত নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰা একমাত্ৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।
মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ১১ বছৰ ৬০ দিন ধৰি প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে
স্বাধীনতাৰ পৰা ১৯৬৪ চনলৈকে প্ৰধানমন্ত্ৰী হিচাপে থকা জৱাহৰলাল নেহৰুৱে ১৬ বছৰ ২৮৬ দিন অবিৰতভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেহৰুৰ পাছতে সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ অভিলেখ আছে ইন্দিৰা গান্ধীৰ। প্ৰথম কাৰ্যকালত ১১ বছৰ ৫৯ দিন প্ৰধানমন্ত্ৰী আছিল আৰু পাছলৈ ১৯৮০ চনৰ নিৰ্বাচনত জয়ী হৈ আৰু ৪ বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ইন্দিৰা গান্ধীয়ে। আনহাতে, ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ১১ বছৰ ৬০ দিন ধৰি প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।