ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ঐতিহাসিক চুক্তি । এই চুক্তিৰ ফলস্বৰূপে ভাৰতীয় বজাৰত ব্ৰিটেইনৰ পৰা আমদানি হোৱা বহু সামগ্ৰীৰ ওপৰত শুল্ক ব্যাপক হাৰত হ্ৰাস পাব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে।
২৪ জুলাই বৃহস্পতিবাৰে তিনি বছৰীয়া আলোচনাৰ অন্তত ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ হয়।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে চুক্তিত স্বাক্ষৰ কৰে। এই ঐতিহাসিক চুক্তিয়ে ব্যৱসায়িক পৰিসৰক উল্লেখযোগ্যভাৱে সম্প্রসাৰিত কৰিব । এই চুক্তিৰ ফলস্বৰূপে ভাৰতীয় বজাৰত ব্ৰিটেইনৰ পৰা আমদানি হোৱা বহু সামগ্ৰীৰ ওপৰত শুল্ক ব্যাপক হাৰত হ্ৰাস পাব। ভাৰতীয় বজাৰত বিদেশী সামগ্ৰীৰ মূল্য যথেষ্ট পৰিমানে হ্ৰাস পাব। আনহাতে ভাৰতৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হোৱাৰো সম্ভাৱনা আছে। চুক্তিৰ ফলত চিকিৎসা সঁজুলি, ব্ৰিটেইনত নিৰ্মিত বা ব্ৰিটেইনৰ পৰা আমদানি কৰা বিমানৰ সঁজুলি পূৰ্বতকৈ সস্তা হ’ব। । এই চুক্তিৰ ফলত ভাৰতীয় বজাৰত সস্তা হ’বলগীয়া সামগ্ৰী হুইস্কী (সুৰা), চকলেট, বিস্কুট, ছালমন ফিছ, প্ৰশাধন সামগ্ৰী, মেডিকেল সামগ্ৰী, বিলাসী বাহন। এই সকলোবোৰ সামগ্ৰীৰ গড় শুল্ক আছিল আগতে ১৫ শতাংশ। মুক্ত বাণিজ্য চুক্তিৰ ফলত ৩ শতাংশলৈ হ্ৰাস পাব।
মুক্ত বাণিজ্য চুক্তি অনুসৰি ভাৰতীয় বস্ত্ৰজাত সামগ্ৰীৰ ওপৰত ১২% শুল্ক শূন্যলৈ হ্ৰাস কৰিব ব্ৰিটেইনে।
কেৱল এয়াই নহয়, অভিযান্ত্ৰিক সামগ্ৰীৰ ওপৰত ১৮% শুল্কও সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হ’ব। ভাৰতৰ সাগৰীয় খাদ্যই ব্ৰিটেইনৰ বজাৰত নতুন সুযোগ লাভ কৰিব । এই চুক্তি ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ বাবে লাভজনক হ’ব । ইফালে, ইলেক্ট্ৰিক গাড়ীৰ শুল্ক ১১০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব। এই বাণিজ্যিক চুক্তি কাৰ্যকৰী হোৱাৰ পিছত ব্ৰিটিছ কোম্পানীসমূহে ভাৰতলৈ হুইস্কি আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰাত সহজ হ’ব। ব্ৰিটেইনত বাস কৰাটো ভাৰতীয়সকলৰ বাবে অধিক সুবিধাজনক হ’ব। দুবছৰলৈ অফিচ অবিহনে ব্ৰিটেইনত ৩৫টা খণ্ডত কাম কৰিব পাৰিব ভাৰতীয়ই। ইয়াৰ দ্বাৰা বছৰি ৬০ হাজাৰ আই টি কৰ্মী উপকৃত হ’ব পাৰে।