Braking

এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউল হকে

এক হৃদয় বিদাৰক ঘটনা । নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল যুৱকজন । অৱশেষত এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ ।

কাহিলিপাৰাৰ দক্ষিণগাঁওত ২জুলাইৰ পুৱা ৩ বজাত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা । অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল যুৱকজন । AS-01-FM-9199 নম্বৰৰ বাহনখনে দুর্ঘটনা সংঘটিত কৰি পলায়নৰ অপচেষ্টা কৰিছিল অভিনেত্ৰী নন্দিতা কাশ্যপে ।

মৃত ২১ বছৰীয়া যুৱকজন আছিল পলিটেকনিৰ ছাত্ৰ । পলিটেকনিৰ লগতে পাৰ্ট টাইম হিচাপে কাম কৰিছিল । মোমায়েকৰ সৈতে ষ্ট্ৰীট লাইট চোৱা চিতাৰ কাম কৰিছিল ছামিউল হকে । মোমায়েকৰ সহায়ত পোৱা কামৰ প্ৰথম দিনাই এনেদৰে ভয়াবহ দুৰ্ঘটনাত পতিত হৈ জীৱন মৰণৰে যুঁজি আছিল হাস্পতালত । অৱশ্যে ঘটনাৰ পিছতেই GMCH ত ভৰ্তি কৰা হৈছিল আঘাতপ্ৰাপ্ত ছামিউলক ।

আজি উন্নত চিকিৎসাৰ বাবে এপল’ হাস্পতাললৈ প্ৰেৰণ কৰিছিল ছামিউলক । কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউলে । উল্লেখ্য যে নন্দিনী কাশ্যপে এবাৰো খবৰ লোৱা নাছিল ছামিউলৰ । ঘটনা সন্দৰ্ভত দিশপুৰ থানাত চলি আছে অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ ।

Leave a Reply