ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান প্ৰদান কৰাৰ ঘোষণা ৰাজ্য চৰকাৰৰ ।
সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে।
সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত ১০০ টকাৰ স্মাৰক মুদ্রা । কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰিলে গেজেট নির্দেশনা ।
ৰূপৰ মুদ্ৰাটোৰ এফালে থাকিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ছবি । ৪৪ মিলিমিটাৰ ব্যাসার্ধৰ হ’ব সুধাকণ্ঠৰ জন্ম শতবার্ষিকী মুদ্রাটো । ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী , ২০২৫ বুলিও উল্লেখ কৰা হব মুদ্রাটোত I