Braking

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I

শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I

পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান । সোণাৰিবিল টোপ, ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩নং দয়ালপুৰ , দলন পথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ , আনন্দপুৰ, ৰজাপুখুৰী আৰু গেলাজানত চলিব উচ্ছেদ অভিযান ।

উল্লেখ্য যে বৃহত্তৰ ৰেংমা বনাঞ্চলত অবৈধ বেদেখল কাৰীয়ে শ শ মূল্যৱান গছ গছনি কাটি বসতি স্থাপন কৰি আহিছিল I

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই প্ৰেৰণ কৰা হৈছিল ঘৰ খালী কৰাৰ জাননী I সেই উদ্দেশ্যে আজিৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান I ইতিমধ্যেই অধিকাংশ বেদখলকাৰীয়ে সেই ঠাই পৰিত্যাগ কৰিছে আৰু যি সকল এতিয়াও সেই ঠাইতে আছে তেওঁলোকৰ মাজত এতিয়া কান্দোনৰ ৰোল শুনা পোৱা গৈছে I উচ্ছেদস্থলীত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে I উচ্ছেদস্থলীত মোতায়েন কৰিছে সহস্ৰাধিক আৰক্ষী , বন সুৰক্ষা কৰ্মী I উচ্ছেদত সহযোগ কৰিছে স্থানীয় লোকসকলে I লগতে , নাগালেণ্ডৰ কিছু দল সংগঠনেও এই উচ্ছেদ অভিযানত সহায় সহযোগ কৰা দেখিবলৈ পোৱা গৈছে I

Leave a Reply