Braking

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I

২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় ।

চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত । ১৯ বছৰীয়া দিব্যা দেশমুখে দ্বিতীয়খন ৰেপিড টাই ব্ৰেকাৰত প্ৰবীণ কনেৰু হাম্পিক পৰাস্ত কৰি ফিডে মহিলা দবা বিশ্বকাপৰ প্ৰথমগৰাকী ভাৰতীয় চেম্পিয়ন হিচাপে পৰিগনিত হয় ।

সোমবাৰে জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত দ্বিতীয়খন ৰেপিড টাই ব্ৰেকাৰ খেলত হাম্পিক পৰাস্ত কৰি দিব্যাই চেম্পিয়নৰ খিতাপ দখল কৰে । দুদিনীয়া দবা ড্ৰ’ত শেষ হোৱাৰ পিছত সোমবাৰে টাই ব্ৰেকাৰৰ জৰিয়তে বিজয়ীৰ সিদ্ধান্ত ল’বলগীয়া হয় । প্ৰথমখন ৰেপিড টাই ব্ৰেকাৰত কনেৰু হাম্পি আৰু দিব্যা দেশমুখে ড্ৰ’ খেলিছিল তাৰ পাছত দ্বিতীয়টোত দিব্যাই জয়লাভ কৰিছিল। এই জয়ে দিব্যাক ‘গ্ৰেণ্ডমাষ্টাৰ’ খিতাপ অৰ্জন কৰাত সহায় কৰে ।

মাত্ৰ ১৯ বছৰ বয়সতে এই খিতাপ দখল কৰি দিব্যই এই বিশ্বকাপত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হোৱাই নহয় , গ্ৰেণ্ডমাষ্টাৰ (GM) খিতাপো অৰ্জন কৰে । এই বিজয় কেৱল দিব্যাৰ ব্যক্তিগত কৃতিত্ব নহয়, সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় । ভাৰতীয় দবাৰ ইতিহাসত ই এক নতুন দিশৰ সূচনা কৰিছে ।

Leave a Reply