Braking

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা I ভাৰতৰ আকাশত উৰা স্বাধীনতাৰ চিহ্ন I

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা প্ৰত্যেক বছৰৰ ২৬ জানুৱাৰী আৰু স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰে ।

“তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত উৰে ,
ওপৰে গেৰুৱা মাজত শুকুলা
তলত শ্যামল আছে”

এই পতাকাখন প্ৰতিজন ভাৰতীয়ৰ বাবে আৱেগ , স্বাধীনতাৰ প্ৰতীক ।

ভাৰতৰ জাতীয় পতাকাখনে ভাৰতৰ স্বাধীনতাৰ দীৰ্ঘদিনীয়া সংগ্রামক প্রতিনিধিত্ব কৰে । জাতীয় পতাকাখনে বৰ্তমানৰ ৰূপ পাবলৈ পৰিৱৰ্তনৰ এক দীঘলীয়া যাত্ৰা পাৰ কৰি আহিছে ।ব্ৰিটিছৰ উপনিৱেশিক সময়চোৱাত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবাসী তীব্ৰতৰ হোৱাৰ সময়তেই ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ ৰাজে থিৰাং কৰিছিল যে সমগ্ৰ ভাৰতক একত্ৰিত কৰি ৰখাৰ এক মাত্ৰ উপায় এখন উমৈহতীয়া জাতীয় পতাকা ।  

১৯০৬ চনৰ ভিতৰত প্ৰথম ভাৰতীয় পতাকা অস্তিত্বলৈ আহে , প্ৰথমখন পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল স্বামী বিবেকানন্দৰ আইৰিছ শিষ্য ভগীনি নিবেদিতাই ।  ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণৰে নিৰ্মিত পতাকাখনত ‘ইন্দ্ৰ’ দেৱতাৰ অস্ত্ৰ ‘বজ্ৰ’ৰ মূর্তিৰ ছবি আছিল ।  বাংলা ভাষাত লিখা আছিল “বন্দে মাতৰাম” ।

ভগ্নী নিবেদিতাৰ পতাকাৰ পিছত ১৯০৬ চনত আন এখন পতাকাৰ ডিজাইন কৰা হয় ।

এইখন আছিল ওপৰে নীলা , মাজত হালধীয়া আৰু তলত ৰঙা ।সেই বছৰতে ভাৰতীয় পতাকাৰ আন এক সংস্কৰণ  তিনি বৰণীয়া মুকলি কৰা হয় । ‘কলিকতাৰ পতাকা’ বা ‘কমলৰ পতাকা’ বুলি জনাজাত এইখন পতাকাক ডিজাইন কৰিছিল শচীন্দ্র প্রসাদ বসু আৰু সুকুমাৰ মিত্ৰই । ১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্টী বাগান চৌহদত ইয়াৰ উন্মোচন কৰা হয় । ছাৰ শচীন্দ্ৰপ্ৰসাদ বসুৱে ভাৰতৰ ঐক্যৰ প্ৰতি লক্ষ্য ৰাখি এই পতাকা উত্তোলন কৰিছিল।

১৯০৭ চনত মেডাম ভিকাজী ৰুষ্টম কামাৰৰ পতাকা অস্তিত্বলৈ আহিছিল ।

পতাকাখন সামূহিকভাৱে ডিজাইন কৰিছিল মেডাম ভিকাজী কামা , বিনায়ক দামোদৰ সাৱৰকাৰ (বীৰ সাৱৰকাৰ) আৰু শ্যামজী কৃষ্ণ বর্মাই । ১৯০৭ চনৰ ২২ আগষ্টত জাৰ্মানত উত্তোলন হোৱাত বিদেশত উত্তোলন হোৱা প্ৰথম ভাৰতীয় পতাকাৰ মৰ্যাদা লাভ কৰে । এই অনুষ্ঠানৰ পৰাই ইয়াক ‘বার্লিন কমিটীৰ পতাকা’ বুলিও কোৱা হৈছিল ।

বাল গংগাধৰ তিলকৰ দ্বাৰা গঠিত হোম ৰুল লীগে ১৯১৭ চনত নতুন পতাকা গ্ৰহণ কৰে ।

পৰৱৰ্তী সময়ত ভূ-পদার্থবিজ্ঞানী পিংগলী ভেংকয়াই সমগ্র জাতিটোক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে এখন পতাকাৰ ডিজাইন কৰিছিল । মহাত্মা গান্ধীক সাক্ষাৎ কৰি অনুমোদন বিচাৰিছিল , মহাত্মা গান্ধীয়ে তেওঁক ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱনৰ প্ৰতীক হিচাপে এটা চৰখা পতাকাত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল ।

মহাত্মা গান্ধীয়ে ভাৰতৰ সকলো সম্প্রদায়ক জাতীয় পতাকাত প্রতিনিধিত্ব কৰাটো বিচাৰিছিল

সেয়েহে এখন নতুন পতাকাৰ ডিজাইন কৰিছিল , যি খনত  তিনিটা ৰং আছিল আৰু এটা চৰখাৰ ছবি অংকিত কৰিছিল যি আছিল সম্প্রদায়সমূহৰ একত্ৰীকৰণৰ প্ৰতীক । এই পতাকাৰ আৰ্হি আয়াৰলেণ্ডৰ পতাকাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল ।  কংগ্ৰেছ কমিটীয়ে ইয়াক চৰকাৰী পতাকা হিচাপে গ্ৰহণ কৰা নাছিল যদিও ভাৰতৰ স্বাধীনতা সংগ্রামত ইয়াক জাতীয়তাবাদৰ প্ৰতীক হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।

মহাত্মা গান্ধীৰ নিৰ্দেশত পিংগালী ভেংকায়‍্যাই আন এখন পতাকা প্ৰস্তুত কৰি উলিয়ালে ।

এই নতুন পতাকাৰ তিনিটা ৰং আছিল। ওপৰত কেশৰ আৰু তাৰ পিছত মাজত বগা আৰু তলত সেউজীয়া। কেন্দ্ৰত ‘চৰখা’ ৰখা হৈছিল । এই পতাকাখন ১৯৩১ চনত কংগ্ৰেছ কমিটীৰ বৈঠকত গৃহীত হয় আৰু কমিটীৰ চৰকাৰী পতাকা হিচাপে গ্ৰহণ কৰা হয় ।

একেই সময়ত আজাদ হিন্দ ফৌজ ব্যৱহৃত পতাকাত “Azad Hind” (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হৈছিল ।

এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে ।

ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা নিৰ্বাচনৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এখন সমিতি গঠন কৰা হয়।

কমিটীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা, উপযুক্ত সালসলনিৰে , স্বাধীন ভাৰতৰ পতাকা হিচাপে গ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে । অৱশেষত যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো পতাকাত অন্তৰ্ভুক্ত কৰা হয় । ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয় । স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লাল কিল্লাত এই পতাকা উত্তোলন কৰে ।

সগৌৰৱে উজলি থাকক আমাৰ পতাকাখন । জাতীয় পতাকাখনৰ সৃষ্টিত অবদান আগবঢ়োঁৱা প্ৰতিজন ব্যক্তিৰ ওচৰত দেশবাসী চিৰ কৃতজ্ঞ । সমগ্ৰ দেশবাসীক উদ্দেশ্যে তিনি বৰণীয়া জাতীয় পতাকাখন আছিল স্বাধীন ভাৰতৰ এক উপহাৰ স্বৰূপ ।

Leave a Reply