বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি I দুৰ্নীতিৰ বিৰুদ্ধে আলবেনিয়াৰ নতুন প্ৰয়াস I
তথ্য-প্ৰযুক্তিৰ জগতত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ইউৰোপৰ দেশ আলবেনিয়াই । দেশখনৰ প্ৰধানমন্ত্ৰী এডি ৰামাই বৃহস্পতিবাৰে নতুন কেবিনেটত নিযুক্তি দিয়ে সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্বাৰা নিৰ্মিত এজন মন্ত্ৰী । এই AI মন্ত্ৰীজনৰ নাম হৈছে ডিয়েলা (Diella) ৰ শব্দগত অৰ্থ হৈছে সূৰ্য্য । দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ আলবেনিয়াত নিযুক্তি লাভ কৰা বিশ্বৰ প্ৰথমজন AI কেবিনেট মন্ত্ৰী ।
আলবেনিয়াই প্ৰথমে বিশ্বত দেশখনৰ ৰাজহুৱা ক্ৰয় প্ৰক্ৰিয়া নিৰীক্ষণৰ দায়িত্বত থকা কেবিনেট পৰ্যায়ৰ মন্ত্ৰী ডিয়েলা নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবট এটাক প্ৰথমে নিযুক্তি দিছে । চতুৰ্থবাৰৰ বাবে জয়লাভ কৰাৰ কেইমাহমানৰ পাছত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী এডি ৰামাই ডিয়েলাক নিজৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰে। এই পদক্ষেপে চৰকাৰৰ এক সাহসী পৰীক্ষাক প্ৰতিনিধিত্ব কৰে যিয়ে ৰাজনৈতিক আৰু আইনী মহলত প্ৰশংসা আৰু আতংক দুয়োটাকে উত্তেজিত কৰিছে । প্ৰকৃত কৰ্তৃত্ব থকা এজন ডিজিটেল মন্ত্ৰী ।
ডিয়েলাক প্ৰথমবাৰ লঞ্চ কৰা হৈছিল চলিত বছৰৰ জানুৱাৰীত। প্ৰথমতে ডিজিটেল সহায়ক হিচাপে নাগৰিকসকলক কাগজ-পত্ৰ পূৰণ আৰু বিভিন্ন সেৱা লাভ কৰাত সহায় কৰিছিল । কিন্তু এতিয়া ইয়াক দেশৰ “ৰাজহুৱা ক্ৰয় মন্ত্ৰী” হিচাপে উন্নীত কৰা হৈছে। চৰকাৰী পুঁজিৰে চলি থকা প্ৰকল্প আৰু ৰাজহুৱা নিবিদাত দুৰ্নীতি ৰোধ কৰাৰ দায়িত্ব দিয়া হৈছে ডায়াল্লাক। আলবেনিয়া চৰকাৰে দাবী কৰিছে, ডিয়েলাৰ নিয়োগে দুৰ্নীতি দমন কৰি ৰাজহুৱা ব্যয়ত পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰিব। বিশেষকৈ নিবিদা মূল্যায়ন আৰু প্ৰদানত মানৱীয় হস্তক্ষেপ হ্ৰাস কৰি, কেৱল তথ্য আৰু পূৰ্বনিৰ্ধাৰিত নিয়মৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ডিয়েলাই।
প্ৰধানমন্ত্ৰী ৰামাই মন্তব্য কৰে যে ডিয়েলাই আলবেনিয়াক এনে এখন দেশলৈ লৈ যাব য’ত ৰাজহুৱা নিবিদা ১০০% দুৰ্নীতিমুক্ত হব। ডেইলাৰ নতুন ভূমিকাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিয়ে ইয়াক ‘হাস্যকৰ’ আৰু ‘অসাংবিধানিক’ বুলি অভিহিত কৰিছে। বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিয়ে এই সিদ্ধান্তক “প্ৰচাৰৰ ষ্টাণ্ট” বুলি আখ্যা দিছে । একে সময়তে একাংশই ইয়াক এটা ভাল পদক্ষেপ বুলি বিশ্বাস কৰে ।