Braking

কাইলৈ উৰিয়ামঘাটত চলিব উচ্ছেদ অভিযান

কাইলৈ উৰিয়ামঘাটৰ বেদখলকৃত অঞ্চলত চলিব উচ্ছেদ অভিযান । সাজু হৈছে বন বিভাগ তথা প্ৰশাসন  ।

কাইলৈ উৰিয়ামঘাটৰ বেদখলকৃত অঞ্চলত চলিব উচ্ছেদ অভিযান । সাজু হৈছে বন বিভাগ তথা প্ৰশাসন  । উৰিয়ামঘাটৰ বৃহত্তৰ ৰেংমা বনাঞ্চলৰ ১০,৯৫৮ বিঘা ভূমিত চলিব প্ৰশাসনৰ এই উচ্ছেদ অভিযান । ইতিমধ্যে উচ্ছেদ চলিবলগীয়া স্থানত মোতায়ন কৰা হৈছে আৰক্ষী  বাহিনী ।

গোলাঘাট জিলাৰ উৰিয়ামঘাটত অবৈধভাৱে দখল কৰি ৰখা ১০,৯৫৮ বিঘা ৰেংমা বনভূমি উদ্ধাৰৰ উদ্দেশ্যে ২৯ জুলাই পৰা প্ৰশাসনে আৰম্ভ কৰিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ সময়ত বেদখলকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ চেষ্টা কৰিলে কঠোৰ হাতেৰে দমন কৰা হ’ব। এই উচ্ছেদ অভিযানত কোনো অপ্ৰীতিকৰ পৰিস্থিতি নঘটিবৰ বাবে বাবে অভিযান চলিবলগীয়া স্থানসমূহত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী।

সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ ফুটেজ প্ৰদৰ্শনৰে প্ৰমাণ দিছিল বনাঞ্চল দখলৰ । অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত ২০/২৫ বছৰে বসতি স্থাপন কৰিছিল সন্দেহযুক্ত বেদখলকাৰীয়ে । শাল চেগুনৰ গছ কাটি হাজাৰ হাজাৰ তামোল গছ ৰোপণ কৰিছিল বনাঞ্চলৰ মাটিত । উৰিয়াম ঘাটৰ বেদখলকাৰীৰ স্বীকাৰোক্তি যে তেওঁলোক নগাঁও , মৰিগাঁও , ধিঙ , লাহৰিঘাটৰ পৰা অহা । প্ৰথম অৱস্থাত তেওঁলোকক শিল ভাঙিবলৈ , চুপাৰি ব্যৱসায় কৰিবলৈ এডোখৰ কৈ ঠাই দিছিল । কিন্তু সুদীৰ্ঘ সময়ছোৱাত তেওঁলোকে কেইবাখনো গাঁও সৃষ্টি কৰিছিল I

বন বিভাগ , প্ৰশাসনত তৎপৰতাত চলিব উচ্ছেদ অভিযান I


Leave a Reply