Braking

ভাৰতীয় সেনাৰ “অপাৰেচন মহাদেৱ”

“অপাৰেচন সিন্দুৰ” ৰ পিছত এইবাৰ ভাৰতীয় সেনাৰ “অপাৰেচন মহাদেৱ” I পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে আৰম্ভ অপাৰেচন মহাদেৱ I পেহেলগাম কাণ্ডৰ আন ৩ গৰাকী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ ভাৰতীয় সেনাৰ I সোমবাৰে পুৱা ১১ বজাত চলিছিল এই অভিযান ।

সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বিতৰ্ক আৰম্ভ কৰাৰ সময়তে আজি জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ হাৰৱান অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । জম্মু কাশ্মীৰত ভাৰতীয় সেনাই “অপাৰেচন মহাদেৱ”ৰ জৰিয়তে পেহেলগাম কাণ্ডত জড়িত তিনিগৰাকী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সফল অভিযান চলাইছে । এই অপাৰেচনত দুগৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আন এগৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে ।

সূত্ৰ অনুসৰি , নিহত সন্ত্ৰাসবাদীৰ ভিতৰত আছে লস্কৰ-এ-তৈবাৰ এজন ম’ষ্ট ৱাণ্টেড কমাণ্ডাৰ মুছা , যিয়ে কাশ্মীৰ উপত্যকাত বহুতো ধ্বংসাত্মক কার্যকলাপত জড়িত আছিল । উগ্ৰপন্থীয়ে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ সন্ধানত অভিযান অব্যাহত আছে ।

Leave a Reply