Skip to content
পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী । নিশা অহা এজাক বৰষুণতে বুৰিল গুৱাহাটীৰ পথ-উপপথ ।
পুনৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চল কৃত্রিম বানৰ কবলত । ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ , ৱায়াৰলেছ, হাতীগাঁৱৰ ৰাজপথ , শ্রীনগৰ, ছাৰ্ভে, বেলতলাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন । কৃত্ৰিম বানৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ।
এজাক বৰষুণতেই বানৰ কৱলত পৰা গুৱাহাটীৰ বাবে এইয়া কোনো নতুন সমস্যা নহয় । বাৰিষাতো GMC, GMDA য়ে চলাই আছে নলা নির্মাণকার্য , যাৰ বাবে অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি । বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ বুলি ক্ষোভ উজাৰিলে ভুক্তভুগী ৰাইজে ।
Recent Views: 175
Like this:
Like Loading...
Related
Related News
বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী