“যা দেৱী সৰ্বভূতেষু
শক্তি ৰূপেন সংস্থিতা
নমস্তস্যৈ নমো নমঃ॥”
আজি মহাষষ্ঠী।
শৰতৰ বোকাচাত ধৰালৈ আকৌ আহিল মা দুৰ্গা I জুবিনবিহীন অসমত নাই দুৰ্গোৎসৱৰ উছাহ I সন্ধিয়া বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা । I আজি ষষ্ঠী, বেলবৰণেৰে আৰম্ভ দুৰ্গাপূজা । বেলবৰণেৰে ষষ্ঠীৰ বেদীত আজি প্রতিষ্ঠা কৰা হ’ব মহিষমর্দিনীৰ মৃন্ময় প্রতিমা I সম্পূৰ্ণ বৈদিক প্ৰথাৰে পুৰোহিতৰ মন্ত্ৰোধ্বনি আৰু বেলবোধনৰ অন্তত মহা ষষ্ঠীৰ দিনা মা কাত্যায়নী ৰূপত দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হয়।
আজি মা কাত্যায়ানী পূজা কৰা হয় । যাৰ চাৰি হাত থাকে আৰু হাতত তৰোৱাল খন লয় । দেৱীৰ সোঁহাতখনত অভয়া মুদ্ৰা আৰু তলৰ সোঁহাতখন বৰ মুদ্ৰা থাকে। অস্ত্ৰ হিচাপে তৰোৱাল থাকে আৰু আনটো হাতত থাকে পদুম ফুল। শাৰদীয় দুৰ্গোৎসৱৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মঙ্গল কামনাৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দশভূজা-ত্ৰিণয়নী দুৰ্গা মাৰ শ্ৰীচৰণত শতকোটি সেৱা নিবেদিছোঁ। দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাৰ আশীষে সমাজৰপৰা অপশক্তিক বিনাশ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অপাৰ সুখ-শান্তি আৰু সমৃদ্ধিৰ মধুৰ বতৰা। সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ।