Braking

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী । ১ আগষ্টৰ পৰা সলনি হব UPI ৰ নিয়ম । Phone Pe , Google Pe , Paytm ব্যৱহাৰ কৰা সকলৰ বাবে নতুন জাননী ।

NPCI অৰ্থাৎ National Payment Corporation of India ই জাৰি কৰা জাননী মতে নতুন এপ্লিকেচন প্ৰগ্ৰেমিং ইন্টাৰফেচ ব্যৱহাৰৰ নিয়মবোৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ এপ আৰু পেমেণ্ট সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হব । Auto payment আৰু Balance check ৰ ক্ষেত্ৰত সীমিত হৈ পৰিব সুবিধা । ১ আগষ্টৰ পৰা UPI ব্যৱহাৰকাৰীয়ে দিনটোত মাত্ৰ ৫০ বাৰহে নিজৰ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব । 

 এইয়া অৱশ্যে সচৰাচৰ ব্যৱহাৰ কাৰীৰ বাবে সাধাৰণ হলেও ব্যৱসায়িক ক্ষেত্ৰত UPI ব্যৱহাৰকাৰী সকলৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব । একেটা মোবাইল নম্বৰৰ সৈতে লিংক কৰা বেংক একাউণ্টৰ সবিশেষ প্ৰতিটো এপত প্ৰতিদিনে মাত্ৰ ২৫ বাৰহে চাব পাৰিব I UPI ৰ ব্যৱহাৰকাৰীসকলে এতিয়া দিনটোত মাত্র ৩ বাৰকৈ failed transcation অৰ্থাৎ বিফল লেনদেনৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব । লগতে, প্ৰতিটো অৱস্থা পৰীক্ষাৰ মাজত ৯০ ছেকেণ্ডৰ ব্যৱধান থাকিব লাগিব ।

Auto লেনদেন যিকোনো সময়তে কৰিব নোৱাৰিব I

সকলো অটো পেমেণ্ট , যেনে ইউটিলিটি বিল, মোবাইল ৰিচাৰ্জ, চাবস্ক্ৰিপচন আৰু সহজ মাহিলী কিস্তি (EMI) এতিয়া নিৰ্দিষ্ট সময়ত হে কৰিব পাৰিব । নেটফ্লিক্স চাবস্ক্ৰিপচন বা মিউচুৱেল ফাণ্ডৰ দৰে Auto pay কেৱল কেৱল দিনটোৰ তিনিটা সময়তহে প্ৰক্ৰিয়াকৰণ কৰা হ’ব I পুৱা ১০ বজাৰ আগতে, দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৫ বজালৈ, আৰু নিশা ৯:৩০ বজাৰ পিছত হে কৰিব পাৰিব লেনদেন ।

ইয়াৰ উপৰিও গ্ৰাহকৰ Balance অনুসন্ধান হ্ৰাস কৰিবলৈ বেংকে প্ৰতিটো লেনদেনৰ লগে লগে বেলেঞ্চ আপডেট প্ৰদান কৰিব , যাৰ বাবে আপুনি পুনৰ বাৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব । এই পৰিবৰ্তনসমূহ বেছিভাগেই চিস্টেমক অভাৰলোড কৰা লেনদেনসমূহ হ্ৰাস কৰাৰ লক্ষ্যৰে কৰা হৈছে ।

Leave a Reply