Braking

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে । শেহতীয়াকৈ ৩ দিনত গ্ৰেপ্তাৰ কৰা হয় ৫ গৰাকী ভূৱা চিকিৎসকক ।

নিজকে চিকিৎসক বুলি কোৱা যিমান টান , তাতোকৈ বেছি কঠিন চিকিৎসক ৰূপে নিজকে প্ৰতিষ্ঠিত কৰোৱা । সেইবাবেই অসৎ উপায় অৱলম্বনৰে বৃদ্ধি পাইছে ভুৱা চিকিৎসকৰ সংখ্যা । হিন্দুস্তান টাইমছ ত প্ৰকাশ পোৱা বাতৰি অনুসৰি ২০১২ চনৰ পৰা পঞ্জীয়নবিহীন চিকিৎসাকৰ্মীৰ বিৰুদ্ধে দাখিল কৰা হৈছে প্ৰায় ৫৫ টা গোচৰ । এই বৰ্ষতে The Hindu ত প্ৰকাশ পোৱা তথ্য অনুসৰি তেলেংগানাৰ নগৰীয়া এলেকাত ৭৫ শতাংশই এনে ধৰণৰ ঘটনা । Healthcare Radius ৰ তথ্য অনুসৰি
ভুৱা চিকিৎসাৰ বাবেও MP হাস্পতালত মৃত্যু হৈছিল ৭ জনৰ ।

উল্লেখ্য যে চৰকাৰী প্ৰস্তাৱ অনুসৰি ১৯৯১ চনৰ ৫ ছেপ্টেম্বৰত পিএমচিয়ে (PMC) ভুৱা চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ তদাৰক কৰিবলৈ এণ্টি-বগাছ ডাক্তৰছ কমিটী গঠন কৰিছিল । প্ৰশাসনে এনে ধৰণৰ ব্যৱস্থা হাতত লৈছিল যদিও এই কাৰ্য্য ৰোধত সম্পূৰ্ণৰূপে সফল হব পৰা নাই । বিশেষকৈ ভিতৰুৱা অঞ্চল আৰু ধৰ্মীয় সংখ্যালঘু এলেকাসমূহত এই ধৰণৰ ভূৱা চিকিৎসকৰ উপস্থিতি অধিক লক্ষ্যণীয় ।

চাঞ্চল্যকৰভাৱে গুৱাহাটী মহানগৰীৰ মাজমজীয়াতো এই ধৰণৰ ভূৱা চিকিৎসকৰ কাৰ্যকলাপ ধৰা পৰিছে । এই মন্তব্য কৰিছে অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ অভিজিৎ নেওগৰ । গুৱাহাটী মহানগৰীৰ মাজমজীয়াতো ভুৱা চিকিৎসকৰ চাঞ্চল্যকৰ অভিযোগ ।

গতিকে সাৱধান হওঁক ৰাইজ , ভুৱা চিকিৎসকে প্ৰাণ লব পাৰে আপোনাৰ ।

Leave a Reply