Braking

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য !

প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ?

যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল ৭২ বছৰীয়া বন্দনা দাসৰ মৃতদেহ । হত্যাকাণ্ডৰ পাছদিনা আৰক্ষীয়ে দাসৰ কেয়াৰটেকাৰ ৰাতুল দাসক আটক কৰিছিল । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে খাৰঘুলি সংঘটিত বন্দনা দাস নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য । এই তথ্যই স্তম্ভিত কৰি তুলিছে সকলোকে । বিশ্বাস কৰিবলৈ টান অথচ এইয়াই সত্য । ভগ্নীক হত্যা কৰিবলৈ নিজৰ ভাতৃয়ে ৰচিছিল ৰক্তাক্ত ব্লুপ্ৰিণ্ট । ধনৰ লোভত নিজ বায়েকক হত্যা কৰিবলৈ ১৫ দিন পূৰ্বে চুপাৰী দিছিল কেয়াৰটেকাৰ ৰাতুল দাসক । এই সকলো ষড়যন্ত্ৰৰ আঁৰত আছিল বন্দনা দাসৰ ভাতৃ ভাস্কৰজ্যোতি দাসে । ৰাতুল দাসৰ চাঞ্চল্যকৰ স্বীকাৰোক্তিৰ পিছতেই লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বন্দনা দাসৰ ভাতৃ ভাস্কৰজ্যোতি দাসক ।

প্ৰকৃততে সেইদিনা কি হৈছিল ?

১ জুলাইৰ কাহিলীপুৱাতে কেয়াৰটেকাৰ ৰাতুল দাসে ফোন কৰিছিল ভাস্কৰজ্যোতি দাসলৈ । প্ৰথমতে হত্যা কৰিবলৈ উদ্যত নোহোৱা ৰাতুল দাসক ভাস্কৰজ্যোতিয়ে দেখুৱাইছিল ধন সম্পত্তিৰ লোভ । অৱশেষত মান্তি হল ৰাতুল দাস । বন্দনা দাসক হত্যাৰ পৰিকল্পনাৰে উজান বজাৰৰ পৰা কিনি আনিছিল এখন ছুৰী । সেই ছুৰীৰে ১ জুলাইৰ নিশা হানি খুচি হত্যা কৰিলে বন্দনা দাসক ।

হত্যাৰ কাৰণ কি আছিল ?

ধন-সম্পত্তি । ২০০১ চনতে স্বামীক হেৰুওৱা বন্দনা দাস অকলশৰেই বাস কৰিছিল । বন্দনা দাসৰ ওচৰত আছিল ধন-সম্পত্তি । এই সম্পত্তিৰ অধিকাৰ পাবলৈ ভাস্কৰজ্যোতিয়ে বহুদিন ধৰি বন্দনা দাসৰ উপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল । বন্দনাই ভাতৃৰ অনৈতিক দাবিক একাধিকবাৰ নাকচ কৰিছিল । যাৰ বাবে ধন সম্পত্তিৰ লোভত এই নির্মম হত্যাকাণ্ডৰ পথ বাচি ললে ভাস্কৰজ্যোতিয়ে । লতাশিল আৰক্ষীয়ে জনোৱা অনুসৰি, ভাস্কৰজ্যোতি দাসে ধনৰ লোভত নিজৰ ভগ্নী বন্দনা দাসক হত্যাৰ পৰিকল্পনা কৰে। এই পৰিকল্পনা বাস্তৱায়ন কৰিবলৈ তেওঁ কেয়াৰ টেকাৰ হিচাপে নিযুক্ত ৰাতুল দাসক মোটা পৰিমাণৰ ধনৰ লোভ দেখুৱাই হত্যাৰ কামত নিযুক্ত কৰে । বৰ্তমান দুয়ো আৰক্ষীৰ জিম্মাত ।

গ্ৰেপ্তাৰ ভাতৃ ভাস্কৰজ্যোতি দাসক জেইলত ভাত দিবলৈ গৈছিল ভাস্কৰজ্যোতিৰ ভাতৃয়ে । কিন্তু সংবাদিকৰ প্ৰশ্নৰ উত্তৰত একো নাজানো বুলি কলে ভাস্কৰজ্যোতিৰ ভাতৃয়ে । এইজন ভাতৃয়ো জঢ়িত আছে নেকি হত্যাকাণ্ডত ?

Leave a Reply