বিশ্বনাথৰ বামগাঁৱত সন্দেহজনক বাংলাদেশীক আটক ।
বিষ্ণু মন্দিৰৰ সমীপত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে ৬ সন্দেহজনক বাংলাদেশীক
ধৃত কেইজনৰ ভিতৰত দুগৰাকী মহিলা, ৪জন পুৰুষ । ধৃত বাংলাদেশী কেইজন হৈছে ধৃত তহিজ্জ্বল পাৰামাণিক, মজিদুৰ শ্বেখ, ছৰিফুল পাৰামাণিক, ছফৰ উদ্দিন, আছমা খাতুন আৰু আবিদা খাতুন । লগতে জব্দ কৰা হৈছে এখন বাহন । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ।
স্থানীয় ৰাইজৰ মতে মুঠতে সন্দেহযুক্ত বাংলাদেশী আছিল ৮ জন
কিন্তু আৰক্ষীৰ জিম্মাত আছে বৰ্তমান ৬ জন সন্দেহযুক্ত বাংলাদেশী । কালি ৰাতিয়ে আহি বাৰীৰ পিছফালে বাহৰ পাতিছিল এইসকল সন্দেহযুক্ত নাগৰিকে । পুৱাই বাৰীৰ মাজৰ পৰা ওলাই অহা আৰু তেওঁলোকৰ কথা বতৰাত সন্দেহ উপজে স্থানীয় ৰাইজৰ । বাঘমাৰীৰ এজন ব্যক্তিয়ে এখন মাৰুতি ৮০০ বাহনেৰে নিবলৈ আহোঁতেই ৰাইজে প্ৰত্যক্ষ কৰে এইসকলক । পুৱাই স্থানীয় ৰাইজে এইসকলক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । AS01J7010 নম্বৰৰ মাৰুতি বাহনখন জব্দ কৰে আৰক্ষীয়ে ।
সম্প্রতি বিশ্বনাথ আৰক্ষীৰ জিম্মাত ৰখা হৈছে আটাইকেইজনক ।