Braking

এক ঐতিহাসিক যুদ্ধ | কাৰ্গিল যুদ্ধ !

কাৰ্গিল যুদ্ধৰ কথা আমি সকলোৱে জানো ।


১৯৯৯ চনৰ মে’ মাহৰ পৰা পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ হোৱা কাৰ্গিল যুদ্ধ জুলাই মাহত অন্ত পৰিছিল।
১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটোতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত বিজয়ী হৈছিল ভাৰত।

এই যুদ্ধত ভাৰতীয় সেনাই অদম্য সাহস, কৌশল আৰু অতি আধুনিক অস্ত্ৰ-শস্ত্ৰৰ বলত শত্ৰুক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল।

কাৰ্গিল যুদ্ধত আমাৰ জোৱানসকলে বিভিন্ন ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
তাৰে ভিতৰত আছিল, বফৰ্চ হাউইটজাৰ যাক কোৱা হয়, FH-77B

এই 155 mm হাউইটজাবোৰে সুউচ্চ অঞ্চলত শত্ৰুৰ কেম্পক লক্ষ্য কৰি লোৱাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল।


এই বন্দুকবোৰৰ গুলীৰ শক্তি আৰু সঠিকতাই শত্ৰুৰ বাংকাৰবোৰ ধ্বংস কৰি পেলাবলৈ সক্ষম হৈছিল।
আনহাতে, মিগ-21, মিগ-27 আৰু মিৰাজ-২০০০ যুদ্ধ বিমান আছিল প্ৰধান ।
কাৰ্গিল যুদ্ধত ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে মিৰাজ-২০০০ বিমান ব্যৱহাৰ কৰিছিল।
এই বিমানসমূহে লেজাৰ নিৰ্দেশিত বোমা নিক্ষেপ কৰি শত্ৰুৰ লক্ষ্য ধ্বংস কৰিছিল।
মিৰাজ-২০০০ৰ সঠিকতা আৰু অধিক উচ্চতাত উৰণৰ ক্ষমতাই যুদ্ধৰ গতিপথ সলনি কৰিছিল ।
ইয়াৰ সহায়ত টাইগাৰ হিল, টললিং, মুছকোহৰ দৰে শত্ৰুৰ লক্ষ্যক ভেদ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ লগত আছিল 5.56 mm INSAS ৰাইফল
ভাৰতীয় সেনাৰ জোৱানসকলৰ হাতত সেই সময়ত নতুনকৈ অহা INSAS অৰ্থাৎ ,(Indian Small Arms System) ৰাইফল আছিল।
এই ৰাইফলবোৰ আছিল লঘু, সঠিক আৰু স্বয়ংক্ৰিয়ভাৱে গুলী চলাব পৰা।

AK-47 আৰু (Light Machine Gun) চমুকৈ LMG ব্যৱহাৰ হৈছিল কাৰ্গিল যুদ্ধত
ভাৰতীয় সেনাৰ একাংশ জোৱানৰ হাতত AK-47 ৰাইফলো আছিল, যিবোৰ শত্ৰুৰ বিৰুদ্ধে ঘনিষ্ঠ যুদ্ধত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল ।


ইয়াৰ উপৰিও শত্ৰুৰ অৱস্থান দমন কৰিবলৈও LMG ব্যৱহাৰ কৰা হৈছিল।

কাৰ্গিল যুদ্ধৰ ভাৰতীয়ই সেনাই ব্যৱহাৰ কৰিছিল মৰ্টাৰ আৰু গ্ৰেনেড লঞ্চাৰ।
81 mm আৰু 120 mm মৰ্টাৰ ব্যৱহাৰ কৰি পাকিস্তানী বাংকাৰ আৰু পোষ্ট ধ্বংস কৰিছিল ভাৰতীয় সেনাই।

লগতে , ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল এণ্টি টেংক গাইডেড মিছাইল
ভাৰতীয় সেনাই শত্ৰুৰ বাংকাৰ আৰু পোষ্ট ধ্বংস কৰিবলৈও এণ্টি টেংক গাইডেড মিছাইল ব্যৱহাৰ কৰিছিল।
এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ শক্তিশালী স্থান ভাঙি পেলোৱাত সহায় কৰিছিল।
এই যুদ্ধত ভাৰতীয় সেনাই সুউচ্চ পাহাৰত অৱস্থান লোৱা শত্ৰুক প্ৰত্যুত্তৰ দিবলৈ স্নাইপাৰ ৰাইফল ব্যৱহাৰ কৰিছিল।
ইয়াৰ দ্বাৰা শত্ৰুৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ সৈনিকসকলক লক্ষ্য কৰি লোৱা হৈছিল।

কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল আন এক ভয়ংকৰ অস্ত্ৰ , যাক কোৱা হয়
পিনাকা মাল্টি বেৰেল ৰকেট লঞ্চাৰ
এই ব্যৱস্থাই শত্ৰুৰ কেম্পক ধ্বংস কৰিছিল।
পিনাকাই ৪০ কিলোমিটাৰ পৰ্যন্ত দূৰত্ব সামৰি লৈ ১৬১টা ৰকেট নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল।

তদুপৰি কাৰ্গিল যুদ্ধত অস্ত্ৰ-শস্ত্ৰৰ উপৰিও ভাৰতীয় সেনাই যোগাযোগ সঁজুলি, নৈশ দৃষ্টিৰ যন্ত্ৰ, উপগ্ৰহৰ চিত্ৰ আদিৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।
ইয়াৰ ফলত শত্ৰুৰ অৱস্থান ধৰা পেলোৱা আৰু কৌশল তৈয়াৰ কৰাত সহায়ক হৈছিল।

Leave a Reply