ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড ।
কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু ।
শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত ।
এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ । একেটা কোঠাতে শুই থকা নাবালক পুত্ৰক আৰক্ষীৰ সোধপোছ ।