Braking

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে দুলীয়াজান বালিকা মহাবিদ্যালয়ৰ সমীপত ব্যস্ত চাৰিআলিত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ ।

অগ্নিকাণ্ডত পথৰ কাষৰ কেইবাখনো দোকান ভস্মীভূত হয় ।

ভস্মীভূত এটা বাসগৃহও কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিয়পি পৰা জুইত জাহ যায় বহু সামগ্ৰীৰ ।

স্থানীয় লোকৰ মতে অগ্নিকাণ্ডৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

ঘটনা স্থলীত সময়মতে উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।

Leave a Reply