Braking

অভিনেতা , নাট্যকাৰ , পৰিচালক নটসূৰ্য্য ফণী শৰ্মাক সুঁৱৰি

অসমৰ সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ ভিতৰত অন্যতম নটসূৰ্য্য ফণী শৰ্মা I তেওঁ আছিল অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক ফণী শৰ্মা I

ফণী শৰ্মাই তেজপুৰৰ বাণ থিয়েটাৰৰ মহিলা দৰ্শকৰ বাবে নিৰ্ধাৰিত গেলেৰীৰ দ্বাৰৰক্ষী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল । ১৯২৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে, ‘ৰাণা প্ৰতাপ’ নাটকত সম্ৰাট আকবৰৰ চৰিত্ৰত । তেওঁ শতাধিক নাটকত অভিনয় কৰিছিল আৰু অসমীয়া নাট্যৰ জগতলৈ যথেষ্ট অৱদান আগবঢ়াইছিল ।

প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ত গঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে । তাৰ পিছত তেওঁ আগৰৱালাৰ দ্বিতীয় চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ত নায়কৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰে। ১৯৪৮ চনত তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে মিলি ‘ছিৰাজ’ চলচ্চিত্ৰ পৰিচালনা কৰে ।  ১৯৫৫ চনত তেওঁ ‘পিয়লী ফুকন’ নামৰ ঐতিহাসিক নাটক পৰিচালনা কৰে আৰু তাত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁৰ শেষ চলচ্চিত্ৰ আছিল ১৯৬৩ চনৰ ‘ইটো সিটো বহুতো’ । লগতে তেওঁ জে. বি. প্ৰিষ্টলিৰ বিখ্যাত নাটক ‘এন ইনস্পেক্টৰ’ছ কল’ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।

অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক ১৯৫০ চনত জ্যোতিপ্ৰসাদৰ সভাপতিত্বত বহা এক সাংস্কৃতিক সন্মিলনত নটসূৰ্য উপাধিৰে বিভূষিত কৰা হয়। তেওঁ অভিনয় কৰা মুঠ ২০ খন কথাছবিৰ ৬খনেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছিল । তেওঁৰ মৃত্যু অসমীয়া সমাজৰ বাবে অপূৰণীয় ক্ষতি ।

Leave a Reply