Braking

সংবাদমেল যোগে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি সংবাদ মেল যোগে কেইটাবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

অতি শীঘ্ৰেই ৰাজ্যত আৰম্ভ হব অৰুনোদয় ৩.০ । আধাৰ আৰু পুলিং ভোটৰ জৰিয়তে নিৰ্বাচিত হব হিতাধিকাৰী । ভুৱা হিতাধিকাৰীয়ে অৰুনোদয়ৰ ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ ।
ৰাজ্যৰ ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন । BTR অঞ্চলতো অতি শীঘ্ৰেই কাৰ্য্যকৰী হব  অৰুণোদয় আঁচনি । BTR অঞ্চলৰ ৬ লাখ লোকক সমৰিব অৰুণোদয়ৰ আঁচনিয়ে । লগতে মুখ্যমন্ত্ৰীয়ে জনাই যে অৰুণোদয়ৰ হিতাধিকাৰিলৈ প্ৰেৰণ কৰা হব নিমন্ত্ৰণী পত্ৰ , নিমন্ত্ৰণী পত্ৰৰ লগতে ৪০ লাখ লোকৰ ঘৰলৈ প্ৰেৰণ কৰিব দেশ জাতিৰ স্বাৰ্থত বিভিন্ন ক্ষেত্ৰত অৱদান আগ বঢ়োৱা বিশিষ্ট , বৰেণ্য ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ । শ্ৰীমন্ত শংকৰদেৱে , মাধৱদেৱ , এপিজে আব্দুল কালাম , গোপীনাথ বৰদলৈ , মূলগাভৰুকে ধৰি বহু কেইজন লোকৰ আত্মজীৱনীমূলক গ্ৰন্থ  । কিতাপৰ বৰ্ষ পালন কৰাৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত ।

সংবাদ মেলত ৬ আগষ্টৰ পৰা পুনৰ বিতৰণ কৰা হব নিযুত মইনা আঁচনিৰ ধন । স্নাতকোত্তৰ পৰ্য্যায়ৰ ছাত্ৰীয়ে লাভ কৰিব ২.৫০ হাজাৰ টকা , Research scholar য়ে ২৫০০০ টকা , দিব্যাংগ ই লাভ কৰিব ২০,০০০ টকা । স্নাতকোত্তৰ পৰ্য্যায়ৰ ছাত্ৰী সকলে বিবাহিত হলেও লাভ কৰিব এই ধন কিন্তু স্নাতক পৰ্যায়ৰ বিবাহিত ছাত্ৰীয়ে নাপাব এই ধন । আনহাতে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ self finance ৰ ছাত্ৰীয়ে লাভ কৰিব ধন ।

আনহাতে ২৯ আগষ্টত অসমলৈ আহিব গৃহ মন্ত্ৰী অমিত শ্বাহ । গুৱাহাটীত নিৰ্মাণ কৰা হব এক ৰাজভৱন । ৰাজভৱনটো উদ্বোধন কৰিব গৃহ মন্ত্ৰী অমিত শ্বাহে । আন এক কাৰ্য্যসূচী হিচাপে আছে NDA ৰ পঞ্চায়ত অনুষ্ঠান , শেহতীয়া NDA ৰ বৃহৎ বিজয়ৰ বাবে এই আয়োজন কৰা হব এই অনুষ্ঠান । আনহাতে সমবায় ভিত্তিত এখন অনুষ্ঠানো আয়োজন কৰা হব । খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন কৰাৰ বাবে লাভ কৰিব সুযোগ সুবিধা । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা জন্ম বাৰ্ষিকী অনুষ্ঠানৰ মূখ্য অতিথি ৰূপে উপস্থিত থাকিব গৃহ মন্ত্ৰী গৰাকী ।

আনহাতে আন এক বৃহৎ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উক্ত দিনাই NRL ত Bio refinery উদ্বোধন কৰিব । ৪২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে Bio refinery টো । তাৰ পিছতেই ৭০০০ কোটি টকাৰে নিৰ্মীয়মান গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণ কাৰ্য্যৰ বুজ লব প্ৰধান মন্ত্ৰী গৰাকীয়ে । আনহাতে বাইহাটা- কুৰুৱা-নাৰেঙ্গী- সোণাপুৰৰ কচুতলীৰ পৰা খানাপাৰ সংযোগী ৬ লেন যুক্ত পথ নিৰ্মাণ হব । এই পথৰ শুভ উদ্বোধন কৰিব মোদী ডাঙৰীয়াই । মঙ্গলদৈ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । আনহাতে ভূপেন হাজৰিকাৰ শত জন্ম বাৰ্ষিকী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ আন এক ঘোষণা অনুসৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হব আন এখন দলং । কুৰুৱা – নাৰেঙ্গী সংযোগী দলঙ ।

ভূপেন হাজৰিকাৰ শত জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যত বৃহৎ আয়োজন । প্ৰতিখন জিলাৰ পৰা জিলা উপায়ুক্তই 50 জন ব্যক্তিক অনুষ্ঠানলৈ আনিব লাগিব । যিসকলে ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল । ভূপেন হাজৰিকাৰ জন্মদিন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কৰিব লাগিব অনলাইন যোগে আবেদন । যাৰ বাবে আজি মুকলি কৰা হয় এটা বিশেষ পৰ্টেল । 20 আগষ্টলৈকে থাকিব অনলাইন আবেদনৰ সময়সীমা । এই অনুষ্ঠানত ১০০০ জন ন-পুৰণি শিল্পীয়ে পৰিৱেশন কৰিব ভূপেন্দ্ৰ সংগীতৰ কেইটাবাও কলি । 23 মিনিটৰ গীতটোত থাকিব ভূপেন হাজৰিকাৰ দেৱৰ সৃষ্টিৰাজিৰ কেইবাটাও গীতৰ অংশ । অসমীয়া , হিন্দী , বেংগলী ভাষাত পৰিবেশন কৰিব এই গীতটো । ‘অসম আমাৰ ৰূপহী’ জাতীয় সংগীতৰ আৰম্ভ হৈ ‘WE ARE IN THE SAME BOAT BROTHER’ শেষ হব গীতৰ কলিৰে । জ্যেষ্ঠ আৰু কনিষ্ঠ শিল্পীক জড়িত কৰাৰ লগতে নিমন্ত্রণ জনোৱা হ’ব অসমৰ প্ৰতিখন কলেজৰ শ্ৰেষ্ঠ গায়ক-গায়িকাক ।

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম চুক্তিৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে কয় যে অক্টোবৰ নবেম্বৰত অনুষ্ঠিত হব লগা বিধানসভা অধিবেশনত দাখিল কৰা হব প্ৰতিবেদন । 6 অক্টোবৰত বিধানসভাত মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰিব ।

Leave a Reply