ডিব্ৰুগড়ত প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ
প্রায় ৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব এই প্ৰেক্ষাগৃহ I কালি ডিব্ৰুগড়ত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ । ডিব্ৰুগড়ত প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ।
দিছপুৰৰ লগতে ফেৰ মাৰিব পৰাকৈ সাজু কৰা হৈছে ডিব্ৰুগড়ক ।
ডিব্ৰগড়তো অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ । পুৰণি জলবিদ্যুৎ কমপ্লেক্সৰ ঠাইত নিৰ্মাণ হব প্ৰায় ৬০ কোটি টকা ব্যয়েৰে এটা প্ৰেক্ষাগৃহ ।৩৬০ গৰাকী লোক বহি সভা কৰিব পৰাকৈ প্রেক্ষাগৃহটো নিৰ্মাণ কৰা হব , ১৫০ মানুহে বহি কাম কৰিব পৰাকৈ এটা কনফাৰেন্স ৰুমৰো ব্যৱস্থা সাজু কৰা হৈছে , ২০জন মন্ত্ৰীৰ বাবে চেম্বাৰ ১০ জন মন্ত্ৰী থাকিব পৰা এটা কোঠাযুক্ত আৱাসো নির্মাণ কৰা হব ।
এবছৰৰ ভিতৰতে এই নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
লগতে মুখ্য সচিবকে ধৰি ৫জন জ্যেষ্ঠ বিষয়া , বিভিন্ন বিষয়া একেলগে বহি কাম কৰিব পৰা ব্যৱস্থাৰো সংযোজন । এবছৰৰ ভিতৰতে এই নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ । অহা দুই মাহৰ ভিতৰত ডিব্ৰুগড়ত বিধানসভা নিৰ্মাণ কৰা হব । প্ৰস্তুতি পূৰ্ণ পৰ্য্যায়ত আছে ।