Braking

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ I অতি শীঘ্ৰেই চলিব জৰীপ I মহানগৰৰ কেইবাটাও অঞ্চল অবৈধ বেদখলকাৰীৰ দখলত । বেদখল কাৰ্য্যক লৈ চিন্তাত পৰিছে ৰাজ্য চৰকাৰ ।

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ মাজতেই এই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । এই সন্দৰ্ভত কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অতি শীঘ্ৰেই মহানগৰীত চলিব জৰীপ ।

বিভিন্ন ঠাইৰ পৰা আহি মহানগৰীত বসতি স্থাপন কৰি আছে বহু বহিৰাগতই । মহানগৰৰ জনগাঁথনি সলনি কৰা বিভিন্ন ঠাইৰ পৰা অহা লোকসকলৰ বিৰুদ্ধে চলিব জৰীপ । যি সকলৰ তিনিটা প্ৰজন্ম নাই সেইসকলৰ বিৰুদ্ধে চলিব এই জৰীপ । সাত দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে । অহা ৭ দিনৰ ভিতৰত বেদখলকৃত ঠাই খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । স্ব-ইচ্ছাই বেদখলকৃত ঠাই সমূহ পৰিত্যাগ কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

গুৱাহাটীয়ে জনসংখ্যাৰ অত্যাধিক বোজা সহি আছে

ইয়াতকৈ অধিক বহন কৰিব নোৱাৰে । সেইবাবে এই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ । মহানগৰীৰ বন বিভাগৰ ভূমিত চলিব জৰীপ , ৰাজহ গাঁওসমূহত নচলে কোনোধৰণৰ জৰীপ অসমীয়া তথা খিলঞ্জীয়া সকলে এই জৰীপ বা উচ্ছেদক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই । খিলঞ্জীয়াক উচ্ছেদ নকৰে চৰকাৰে । অসমীয়া বা জনজাতীয় মানুহ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও কেবিনেটত মন্তব্য দিয়ে মুখ্য মন্ত্ৰীগৰাকীয়ে ।

Leave a Reply