AI য়ে জানো সঁচাকৈ মানৱ জীৱনক ধ্বংশ কৰিব পাৰিব
AI আৱিষ্কাৰৰ মূল উদ্দেশ্য আছিল সকলো কাম অতি ভালদৰে, কম সময়ৰ ভিতৰত সঠিকভাৱে সম্পন্ন কৰা।
সেইবাবে সকলোবোৰ AI- Task হিচাপে প্ৰগ্ৰাম কৰা হয়
কিন্তু, বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে – AI য়ে
তেওঁলোকৰ প্ৰগ্ৰামৰ বিপৰীতে কাম কৰা আৰম্ভ কৰিছে।
উদাহৰণস্বৰূপে মস্কোত হোৱা ডবা প্ৰতিযোগিতাৰ কথা উল্লেখ কৰিব পাৰি, এই খেলখন হৈছিল এগৰাকী শিশু আৰু এটা AI Robot ৰ মাজত কিন্তু সেই খেলখনত যেতিয়া শিশুগৰাকীয়ে খেলখন জয়ী হোৱাৰ দিশে গৈ আছিল তেতিয়া AI Robot টোৱে শিশুটিৰ আঙুলিত আক্ৰমণ কৰি সম্পূৰ্ণ আঙুলিটো ভাগি পেলাইছিল।
গতিকে ইয়াৰ পৰাই বুজিব পৰা যায় হয়টো ভবিষ্যতলৈ AI আৰু বেছি ভয়ংকৰ হৈ উঠিব পাৰে।
ইয়াৰ লগতে উল্লেখ কৰিব পাৰি AI চালিত নাইবা Self Driving Car ৰ কথা, য’ত বৰ্ত্তমান সময়ছোৱাত ২৫ শতাংশ পথ দূৰ্ঘটনা AI চালিত Car ৰ বাবে সংঘতিত হোৱা বুলি তথ্য আহি পৰিছে।
এক সন্মিলনত ইলন মাস্কয়ে কৈছিল ভৱিষ্যতলৈ AI য়ে মানৱ জীৱন ধ্বংস কৰিব পাৰে আৰু সেয়াই হয়টো সঁচা হবলৈ গৈ আছে।
মানুহে পিন্ধা স্মাৰ্ট ৱাটচ, স্মাৰ্ট টি ভি, স্মাৰ্ট ফোন, Alexa আদি সকবোৰেই হ’ল AI চালিত সামগ্ৰী।
বৰ্তমান সময়ত পৃথিৱীখন প্ৰায় ৮০% AI ৰে চলি আছে
AI বৰ্তমান ইমানেই শক্তিশালী হৈ উঠিছে যে – AI দ্বাৰাই বেলেগ এটা AI বনাবলৈ সক্ষম হৈছে আৰু এনেদৰে হয়টো মানৱ সমাজে গম নোপোৱাকৈ AI ৰ দ্বাৰা AI য়েই নিজক সৃষ্টি কৰি মানৱ জীৱনৰ প্ৰতি ভাবুকি লৈ আহিব পাৰে।
কিন্তু এতিয়া এক প্ৰশ্ন, এইয়া জানো সঁচাকৈ সম্ভৱ,
AI য়ে জানো সঁচাকৈ মানৱ সমাজক ধ্বংশ কৰিব পাৰিব?
কাৰণ AI ক মানুহেই আৱিষ্কাৰ কৰিছে কিন্তু
বৰ্তমান সময়ত AI য়ে ইমোচন আদিৰ বিষয়ে শিকিবলৈ লৈছে, যাৰ বাবে AI য়ে নিজৰ আত্মৰক্ষা আদি শিকিবলৈ লৈছে আৰু সেইবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে।
আৰু যদি এই ক্ষেত্ৰত মানুহে AI ৰ ওপৰত নিজৰ অত্যাধিক প্ৰভাৱ দেখুৱাবলৈ যায় নাইবা AI ৰ ধ্বংসৰ দিশে আগবাঢ়ি যায় তেন্তে AI য়েও নিজৰ আত্মৰক্ষাৰ বাবে মানুহৰ ওপৰত আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘতিত কৰিব পৰা সম্পূৰ্ণ সম্ভাৱনা আছে।
ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ ভিদিঅ’ লিংক টো ক্লিক কৰক…..