Braking

গৰমৰ বন্ধ এক নষ্টালজিয়া , তাহানি আৰু এতিয়া….

জুলাই মাহৰ আছে এক সুকীয়া আমেজ । জুলাই মাহ মানেই গৰমৰ বন্ধ …. এই শব্দদুটি শুনিলেই যেন বৈ আহে মিঠা সোঁৱৰণিৰ বন্যা । গৰমৰ বন্ধ মানেই শিশুৰ বাবে আছিল সৰ্বোচ্চ সুখৰ সময় । এই সময় স্কুলৰ ব্যস্ততা, পৰীক্ষাৰ চাপ আৰু পাঠ্যপুথিৰ চক্ৰবেহুৰ পৰা আঁতৰি সম্পূৰ্ণ এক মাহৰ মুক্তি । গৰম বন্ধৰ আগ দিনা বিদ্যালয়ৰ শিক্ষক শিক্ষিয়ত্ৰীক দিবৰ বাবে গুঠিবলৈ লোৱা মালাদালক লৈ ব্যস্ত হৈ পৰে লৰা ছোৱালবোৰ । কাৰ বাৰিৰ চোতালত সৰিছে বকুল ফুল , কোনটো পদুম পুখুৰীৰ পৰা আনিব পদুমৰ কলি … কাৰ ঘৰৰ পৰা গোটাব অশোক ফুলৰ থোপা ।

সময়ৰ সৈতে সলনি হৈছে গৰম বন্ধৰ মাদকতা । আধুনিকতাৰ পৰশত ম্লান পৰিব ধৰিছে গৰমৰ বন্ধ । এতিয়া যেন সময়বোৰ আগৰ দৰে হৈ থকা নাই । সময়ৰ লগে লগে প্ৰজন্মই যাত্ৰা কৰিছে ৰূপান্তৰৰ পথেদি । এতিয়া গৰমৰ বন্ধ মানেই কেৱল চাৰিবেৰৰ মাজত আবদ্ধ হৈ টিভি , মোবাইল , ভিডিঅ’ গেম নাইবা কোচিং ক্লাছত ব্যস্ত সময় ।

কিন্তু অতীতত গৰমৰ বন্ধ আছিল পঢ়া শুনাৰ লগতে চৌপাশৰ পৃথিৱীখনৰ সৈতে এক সম্পৰ্ক গঢ়াৰ সুযোগ । পুৱা বাট বুলোৱা , গছত উঠি আম কঁঠালৰ জুতি লোৱা , মাছ ধৰা – বৰশী বোৱা কিমান যে কাহিনী । গৰমৰ বন্ধ মানেই আত্মীয়-স্বজনৰ ঘৰলৈ ফুৰিবলৈ যোৱা । বিশেষকৈ মোমায়েকৰ ঘৰলৈ যোৱাৰ সেই উৎসুকতা এক অনন্য অনুভৱ ।

আন বহু ক্ৰমবৰ্ধমান চহৰৰ দৰে গুৱাহাটীতো ওখ অট্টালিকা, শ্বপিং কমপ্লেক্স , ৰাস্তা- ঘাট আদিয়েই গা কৰি উঠেছে । যাৰ বাবে মুকলি খেলপথাৰ যেন বিৰল দৃশ্য হৈ পৰিছে । এসময়ত ল’ৰা-ছোৱালীৰ বাবে যিটো দৈনন্দিন জীৱনৰ অংশ আছিল এতিয়া সেয়া মাত্ৰ কমসংখ্যকৰ বাবে হে উপলব্ধ । আজি কালি শিশুৱে নেখেলে বুলি কৈ শিশুক জগৰীয়া কৰিলে নহব , ইয়াৰ বাবে দায়ী প্ৰকৃততে আমি । শিশুসকলক খেলিবৰ বাবে আমি এডোখৰ ঠাই দিব নোৱাৰাটো আমাৰ দোষ । খেলাৰ অধিকাৰ এতিয়া বিলাসী সামগ্ৰীলৈ ৰূপান্তৰিত হৈছে । বহু ঠাইত শিশু পেইড-প্লে এৰিয়াৰো ব্যৱস্থা কৰা হৈছে কিন্তু এই সুবিধা আদায় কৰিব নোৱাৰা বহু শিশুয়ো আছে যিসকলৰ খেলা ধূলাৰ বাবে বিকল্প সমাধান নাই ।

আমি শিশুক খেলা ধূলা কৰিবৰ বাবে সুবিধা কৰি দিব লাগিব । বিজ্ঞানী তথা শিশু চিকিৎসকৰ মতে গৰমৰ বন্ধ হৈছে শিশুৰ মানসিক বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ সময় । এই সময়ত শিশুৱে নিজৰ ইচ্ছামতে সময় কটাব পাৰে যিয়ে তেওঁৰ স্বাধীন চিন্তাধাৰা আৰু সৃষ্টিশীলতাক উন্নত কৰে । অতীতত শিশুৱে প্ৰকৃতিৰ সৈতে কটোৱা সময়বোৰ প্রযুক্তিৰ সীমাবদ্ধতাত আবদ্ধ হৈ পৰিছে । গৰমৰ বন্ধৰ সময়ত শিশুক প্ৰকৃতিৰ সৈতে সংযুক্ত কৰা , সৃজনশীল কামত জড়িত কৰা আৰু শাৰীৰিক খেল-ধেমালিত অংশগ্ৰহণ কৰোৱাটো অতি প্ৰয়োজনীয়। এইখিনিৰে শিশুৰ দেহ , মন আৰু আত্মাৰ সমন্বিত বিকাশ সম্ভৱ হয় ।

গৰম বন্ধৰ নষ্টালজিক স্মৃতি সলনি হ’ল যদিও প্ৰকৃত অৰ্থ এতিয়াও অক্ষুণ্ণ ।

Leave a Reply