Braking

ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল

অত্যাধুনিক হব ভাৰতীয় ৰে’লসেৱা । ভাৰতে প্রথমবাৰৰ বাবে পৰীক্ষণ কৰিলে হাইড্ৰ’জেন চালিত ৰে’লৰ ।

চেন্নাইত সফলভাৱে পৰীক্ষণ সম্পন্ন হাইড্ৰ’জেন চালিত ৰে’লৰ I

ভাৰতে নিৰ্মাণ কৰি আছে 1200HPৰ হাইড্ৰ’জেন চালিত ৰে’ল । ভাৰতৰ ৰে’লৱে মন্ত্ৰী অশ্চিনী বৈভৱে জানিব দিয়ে The Driving Power Car ৰ সফল পৰীক্ষণ সম্পন্ন হৈছে চেন্নাইৰ Integral Coach Factory (ICF) ত ।

ভাৰতে ১২০০ HP হাইড্ৰ’জেন ৰে’ল নিৰ্মাণ কৰি আছে ।

ইয়াৰ ফলত হাইড্ৰ’জেন চালিত ৰে’ল প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক আগশাৰীৰ স্থানত স্থান দিয়া হ’ব।’-এক্সত এইদৰে এক পোষ্ট শ্বেয়াৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে । এই পৰীক্ষাই স্বচ্ছ আৰু সেউজ পৰিবহণৰ বিকল্পৰ দিশত পৰিৱৰ্তনৰ বাবে ভাৰতত এক নতুন দিশৰ সূচনা কৰিব ।

“হাইড্ৰ’জেন ফৰ হেৰিটেজ” পদক্ষেপৰ অংশ

“হাইড্ৰ’জেন ফৰ হেৰিটেজ” পদক্ষেপৰ অধীনত ৩৫খন হাইড্ৰ’জেন চালিত ৰে’ল নিয়োগ কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে এই হাইড্ৰ’জেন ডবা । এই ৰে’লসমূহে সমগ্ৰ দেশৰ ঐতিহ্য আৰু পাহাৰীয়া পথত চলাচল কৰাৰ উদ্দেশ্যেৰে প্ৰতিখন ৰে’লৰ বাবে আনুমানিক খৰচ ৮০ কোটি টকা আৰু প্ৰতিটো পথৰ বাবে স্থল আন্তঃগাঁথনি সমৰ্থনৰ বাবে অতিৰিক্ত ৭০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ।

Leave a Reply