Braking

খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক

খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা I খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক I

চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাকে বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ অহাই কাল হল গৌৰীৰ বাবে I

ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ আগতেই ইতিম্যেই মৃত্যু হয় শিশুটোৰ । নগাঁৱৰ খাটোৱাল আৰক্ষী থানাত বিকাশ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ । ঘটনাৰ পিছতেই পলায়নৰ চেষ্টা কৰিছিল অভিযুক্ত বিকাশ দাসৰ । পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰে বিকাশক । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সোধ পোচ অব্যাহত । ইতিমধ্যে অভিযুক্ত খুড়াকে ভতিজাকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ।

২৬ বছৰীয়া যুৱক বিকাশ দাস এজন চৰকাৰী কৰ্মচাৰী ।

জানিব পৰা বিকাশে গৌৰীৰ হাতত তুলি দিছিল আইচক্ৰীম । খুৰাকৰ সৈতে যাব খোজা নাছিল গৌৰীয়ে । আইছক্ৰীম দিয়েই কোলাত তুলি নিছিল কলং নৈৰ দিশে । কিন্তু কিয় এনেধৰণৰ ঘটনা সংঘটিত কৰিলে সেইয়া এতিয়ালৈ নিশ্চিত হোৱা নাই ।

অভিযুক্তই সংবাদ মাধ্যমৰ আগত জনাই যে ভতিজাক পানীত পেলাই দিয়া নাছিল , ভৰি পিছলি যোৱাত হে দুৰ্ঘটনা টো সংঘটিত হৈছিল । অভিযুক্তই জনাই জে তেওঁ সাতুৰিব নাজানে সেইবাবে কণমানি ভতিজাকৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে । প্ৰকৃত সত্য ৰহস্যৰ আৱৰ্তত । তদন্ত পিছত হে ওলাই পৰিব প্ৰকৃত সত্য I ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ।

Leave a Reply