ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে আত্মনিৰ্ভৰশীলতাৰ দিশে ।
ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক শক্তি আৰু প্ৰযুক্তিগত সক্ষমতাৰ ক্ষেত্ৰত এটা নতুন সংযোজন INS Nistar । ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশীয় ভাৱে নিৰ্মাণ কৰা এখন শক্তিশালী জাহাজ “INS Nistar” ।
এই জাহাজ খন নিৰ্মাণ কৰিছে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে ।
২০২৫ চনৰ ১৮ জুলাই শুকুৰবাৰে বিশাখাপট্টনমৰ নৌসেনাৰ ডকয়াৰ্ডত দেশত সম্পূৰ্ণ ৰূপে ডিজাইন আৰু নিৰ্মাণ কৰা প্ৰথমখন ডাইভিং সহায়ক জাহাজ (DSV – Diving Support Vessel) INS Nistar ক নৌসেনাক গতাই দিয়ে । এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ আৰু নৌসেনাৰ প্রধান এডমিৰেল দিনেশ কে ত্ৰিপাঠী। দুয়োজনে ইয়াৰ সফলতাৰ বাবে বাবে আত্মনিৰ্ভৰ ভাৰতক স্বীকৃতি দিয়ে। লগতে কয়- প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে এয়া এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।
এই আধুনিক আৰু উচ্চ প্ৰযুক্তি সম্পন্ন এই জাহাজখনে সাগৰৰ গভীৰতালৈ যাব পৰাৰ লগতে উদ্ধাৰ অভিযান (Submarine Rescue Operations) চলাব পৰাকৈ সজ্জিত তথা নিৰ্মিত ।
এইধৰণৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা জাহাজ অতি বিৰল।
বিশ্বৰ মাত্ৰ কেইখনমান দেশৰ নৌসেনাৰ হাততহে আছে এই জাহাজ। এতিয়া ভাৰতো এই বিৰল জাহাজৰ অধিকাৰী ।