আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ ।
মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত
ভক্তৰ লানি নিছিগা শাৰী ।
আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ ।
মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ । সমগ্ৰ দেশৰ লগতে অসমতো ভক্তৰ লানি নিছিগা শাৰী । সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । মহাদেৱ শিৱৰ ভক্তিৰ প্ৰতি উৎসৰ্গিত এই শাওন মাহ । মহাদেৱ শিৱৰ আশীষ বিচাৰি ভক্তই আৰাধনে কৰে মহাদেৱ শিৱক । মন্দিৰে মন্দিৰে মহাদেৱ শিৱৰ আশীষ বিচাৰি ভক্তৰ লানি নিছিগা সোঁত বয় ।
ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ ভক্তসকলে শাওন মাহত তেওঁক উপাসনা কৰাৰ লগতে উপবাসো খাটে
ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ ভক্তসকলে শাওন মাহত তেওঁক উপাসনা কৰাৰ লগতে উপবাসো খাটে । এই সময়ত , শিৱ ভক্তসকলে তেওঁক উপাসনা কৰে আৰু মহাদেৱক সন্তুষ্ট কৰিবলৈ যত্ন কৰে । বিশ্বাস অনুসৰি এই মাহত শিৱ ভগৱানক আৰাধনা কৰিলে তেওঁলোকৰ প্ৰতিটো ইচ্ছা পূৰণ কৰাৰ লগতে আশীৰ্বাদ লাভ কৰে ।