ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ।
ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে ।
বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাৰ বিপৰীতে দুৰ্ঘটনাত প্ৰায় ১৮ জন লোকৰ মৃত্যু হোৱা বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে ঝাৰখণ্ডৰ সাংসদ নিশিকান্ত ডুবেই ।
মঙ্গলবাৰে পুৱা প্ৰায় ৪ বাজি ৩০ মিনিটত সংঘটিত হয় এই ঘটনা ।
শ্ৰাৱণী মেলালৈ গৈ আছিল ভক্ত ভৰ্তি বাছ খন ।চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত ছিন্নভিন্ন হৈ পৰে বাছখন । আহত সকলক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় । স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে উদ্ধাৰ অভিযান চলায়।