প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ।
শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি কোনো নাগৰিক মঞ্চত এমাহত সর্বাধিক সংখ্যক লোকৰ পঞ্জীয়নৰ বিশ্বৰেকৰ্ড ।
লগতে , টেলিভিশ্যন, ইণ্টাৰনেট আৰু সামাজিক মাধ্যম যোগে ২১ কোটিতকৈ অধিক দৰ্শকে অনুষ্ঠানটো চোৱা ৰেকৰ্ডৰ বাবে গীনিজ বুকত স্থান লাভ কৰিছে। সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ হাতত গীনিজ বুকৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে ।
এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , গীনিজ বুকৰ তৰফৰ পৰা ঋষি নাথ , শিক্ষা বিভাগৰ সম্পাদক সঞ্জয় কুমাৰ , My Gov ৰ CEO নন্দ কুমাৰোন । উল্লেখ্য যে ‘পৰীক্ষা পে চর্চা’ শীৰ্ষক অনুষ্ঠানটোৱে শিক্ষার্থী , অভিভাৱক আৰু শিক্ষকৰ মাজত পৰীক্ষা সম্পৰ্কীয় মানসিক চাপ দূৰ কৰাৰ লগতে শিক্ষামূলক কথোপকথনৰ এক বৃহৎ মঞ্চ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে ।