মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ । মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নুভুগে । AM SORRY ১.২০ লাখ টকীয়া বেজী লোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে । কালি গুৱাহাটীৰ মেজিষ্ট্ৰেট কল’নীত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা । হেদায়েৎপুৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা কৰিছিল চৰকাৰী বিষয়া ADC ত্ৰিদীপ কোঁৱৰে । কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত কৰ্মৰত ADC ত্ৰিদীপ কোঁৱৰৰ আত্মহত্যাৰ কাৰণ কি ?
ঘটনা সন্দৰ্ভত তদন্ত কৰি মহানগৰ আৰক্ষীয়ে উলিয়ালে আত্মহত্যা অপচেষ্টাৰ কাৰণ । আত্মহত্যাৰ চেষ্টা চলোৱাৰ পূৰ্বে ত্ৰিদীপ কুমাৰ কোঁৱৰে লিখিছিল এখন চুইচাইড নোট । তেওঁ চুইছাইড নোটত মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰিছিল ।
লগতে উল্লেখ কৰিছিল যে নিজৰ কামৰ বাবে তেওঁ নিজে দোষী । পত্নী আৰু সন্তানে কষ্ট পোৱাটো বিচৰা নাছিল ত্ৰিদীপ কুমাৰ কোঁৱৰে । তেওঁ লিখিছিল যে “মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নুভুগে । I AM SORRY” । এনেদৰে এটা চুইছাইড নোট লিখি চতুর্থ মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল এডিচি ত্ৰিদীপ কুমাৰ কোঁৱৰে । উল্লেখ্য যে ত্ৰিদীপ কুমাৰ কোঁৱৰে বিগত এবছৰ ধৰি ষ্ট্ৰ’কত আক্রান্ত আছিল , যাৰ চিকিৎসা চলি আছিল । লগতে ব্যয়বহুল চিকিৎসাৰ বাবেও মানসিকভাবে ভাগৰি পৰিছিল ADC বিষয়াগৰাকী ।
চিকিৎসকে তেওঁক ১ লাখ ২০ হাজাৰ টকীয়া বেজী ল’বলৈ পৰামৰ্শ দিছিল । বৃহস্পতিবাৰেও চিকিৎসা সেৱা গ্ৰহণ কৰি চৰকাৰী বাসভবনলৈ উভতে । কালি পৰিয়ালৰ সৈতে ঘৰৰ বাহিৰত খোৱাৰ পৰিকল্পনা কৰিছিল । সেই অনুসৰি পৰিয়ালক বাহিৰত থৈ চতুর্থ মহলালৈ গৈ বিষয়াগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল ।
সম্প্রতি অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বিষয়াজন ।