বিশ্বৰ এনে বহু ঠাই আছে যিবোৰ এতিয়াও ৰহস্যৰে ভৰপুৰ , যিবোৰ হয়তো বিজ্ঞানেও সম্পূৰ্ণকৈ ঢুকি পোৱা নাই ।
এনেকুৱা এখন গাঁও মেক্সিকো দেশত অৱস্থিত । “অন্ধৰ গাঁও” নামৰে জনাজাত এই গাঁওখনৰ নাম টিলটেপেক । আশ্বৰ্য্যজনক কথাটো হল এই গাঁওত ইয়াত বসবাস কৰা সকলো মানুহ আৰু জীৱ-জন্তুয়েই অন্ধ ।
এই কথা শুনি আপুনি হয়তো বিশ্বাস নকৰিবও পাৰে , কিন্তু এইয়া একেবাৰে সত্য । এই গাঁওত জন্ম হোৱা প্ৰতিজন মানুহ আৰু জীৱ-জন্তুৱে জন্মৰ কেইদিনমান পিছতে দৃষ্টিশক্তি হেৰুৱায়। খবৰ অনুসৰি গাঁওখনত জাপোটেক সভ্যতা জনগোষ্ঠীৰ লোকসকলে বাস কৰে । তেওঁলোকে বিশ্বাস কৰে অন্ধ হোৱাৰ আৰত আছে এই গছজোপা ।
ইয়াৰ বাবে স্থানীয় লোকে এক অভিশপ্ত গছ লাভাজুয়েলাক দায়ী কৰে।তেওঁলোকৰ মতে লাভাজুয়েলা নামৰ অভিশপ্ত গছজোপা দেখাৰ পিছতেই মানুহৰ পৰা আৰম্ভ কৰি জীৱ-জন্তু, চৰাইলৈকে সকলো অন্ধ হৈ পৰে।
কিন্তু এইয়া প্ৰকৃততে সঁচা নে ? গাঁওখন পৃথিৱীৰ বাবে এক প্ৰহেলিকা হৈ পৰিছে । গাওঁবাসীয়ে অভিশপ্ত বুলি দাবী কৰা গছজোপাৰ যুক্তিক নস্যাৎ কৰে বিজ্ঞানীয়ে ।বিজ্ঞানীসকলে কয় যে প্ৰকৃত কাৰণটো গাঁওবাসীয়ে ভৱাৰ দৰে নহয় ।
এই অঞ্চলৰ এবিধ বিপদজনক আৰু বিষাক্ত মাখিৰ বাবে হে এনে ধৰণৰ ঘটনা সংঘটিত হয় । বিজ্ঞানীসকলে কয় যে গাঁওৰ সকলো মানুহে জুপুৰীত বাস কৰে। এই গাঁৱত প্ৰায় ৭০ টা জুপুৰি আছে। এইবোৰত প্ৰায় ৩০০ লোক বাস কৰে। সকলো অন্ধ। বিশেষ কথাটো হ’ল এই জুপুৰিবোৰৰ কোনো এটাতে খিৰিকীও নাই।
কোনো বিশেষ ধৰণৰ বিষাক্ত উৰণীয়া পোকে কামুৰিলে মানুহৰ চকুৰ দৃষ্টিশক্তি হেৰাই যায় । বিজ্ঞানীসকলে কয় যে গাঁওৰ সকলো মানুহে জুপুৰীত বাস কৰে।
ঘন অৰণ্যত বাস কৰা এই লোকসকল সভ্যতা আৰু উন্নয়নৰ পৰা বহু দূৰৈত । এইসকল লোকৰ এই ৰোগৰ কথা যেতিয়া চৰকাৰে গম পালে, তেতিয়া তেওঁলোকৰ চিকিৎসাৰ বাবে চেষ্টা কৰা হ’ল যদিও সেয়া অসাৰ হৈ পৰিল।চৰকাৰে এই লোকসকলক আন ঠাইত সংস্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও অন্য জলবায়ুত তেওঁলোকৰ শৰীৰ সুস্থ হৈ থকাটো সম্ভৱ যেন নালাগিল আৰু তেওঁলোকক নিজাববীয়াকৈ এৰি দিবলগীয়া হ’ল । জানিব পৰা মতে অৱশ্যে কিছু সংখ্যক মানুহৰ চকুৰ দৃষ্টিশক্তি ভাল হ’ব বুলি বিশ্বাস কৰা হৈছে ।