Braking

পৃথিৱীৰ আটাইতকৈ হিংসাত্মক জনজাতি | যাৰ ওচৰত যোৱাটো একেবাৰে নিষিদ্ধ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰ
আইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে।

এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।
এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে।

জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।
এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে।
তথ্য অনুসৰি এই বিশেষ জনজাতিটোৰ পূৰ্বপুৰুষ সকল আজিৰ পৰা প্ৰায় ৬০ হাজাৰ বছৰ আগৰ পৰা এনেদৰে বাস কৰি আছে।
আৰু বৰ্তমান এই জনজাতিটোৰ জনসংখ্যা ২০০ ৰ পৰা ৪৫০ ৰ ভিতৰত আছে।

চেন্তিনেলি সকলৰ ভাষা সম্পূৰ্ণ পৃথক আৰু তেঁওলোকৰ সংস্কৃতি, ধৰ্ম, আৰু সমাজ ব্যৱস্থাৰ বিষয়ে বহুত কম তথ্য পোৱা যায়।

১৯৯০ৰ দশক পৰ্যন্ত ভাৰত চৰকাৰে কেতিয়াবা ফল-মূল, মাছ আদি দি শান্তিপূৰ্ণ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল আৰু অৱশেষত সেই প্ৰচেষ্টা বন্ধ কৰে।

বৰ্তমানেও এই আইলেণ্ডটোলৈ যোৱা ভাৰত চৰকাৰে নিষিদ্ধ কৰি ৰাখিছে ।
কিয়নো এই জনজাতিটো অতিকৈ হিংসাত্মক তথা আক্ৰমণাত্মক।

২০১৮ চনত জন এলেন চাও নামৰ এজন আমেৰিকান লোকে গোপনভাৱে এই আইলেণ্ডত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল কিন্তু প্ৰৱেশ কৰাৰ কিছু সময় পিছতে চেন্তিনেলিছ জনজাতিৰ লোকৰ আক্ৰমণত মৃত্যু হয় লোক গৰাকীৰ।

সাগৰত ভাহি অহা নাও নাইবা জাহাজৰ ভগ্ন টুকুৰাৰ পৰা এই জনজাতিটোয়েই ধনু, বান, কুঠাৰ জাতীয় অস্ত্ৰ বনাই মাছ, বনৰীয়া পশু আদি চিকাৰ কৰাৰ লগতে, সেই আইলেণ্ডটোত প্ৰৱেশ কৰিব বিচৰা মানুহক আক্ৰমণ কৰে।
চেন্তিনেলিছ জনজাতিটোৰ ইতিহাসৰ কেইটামান ঘটনা আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ –

১৮৮০ চনত মৰিছ ভিডাল পৰ্টমেন নামৰ এগৰাকী ব্ৰিটিছ নৌসেনাৰ বিষয়াই এই আইলেণ্ডটোত প্ৰৱেশ কৰি চেন্তিনেলিছ জনজাতিৰ দুগৰাকী বৃদ্ধা আৰু কেইগৰাকীমান শিশুক লৈ গৈছিল কিন্তু তেওঁলোকে এই আইলেণ্ডটোৰ পৰা বাহিৰলৈ যোৱা কিছুদিন পিছতে দুয়োগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল কিয়নো তেওঁলোকৰ শৰীৰে বাহিৰৰ পৰিৱেশৰ লগত খাপ খোৱা নাছিল আৰু সাধাৰণ জ্বৰৰ ভাইৰাছৰ বাবে দুয়োগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল।

আনহাতে ২০০৬ চনত দুজন মাছমৰীয়াই ভূলবশত এই আইলেণ্ডটোত প্ৰৱেশ কৰিছিল কিন্তু চেন্তিনেলিছ জনজাতিৰ লোকসকলৰ আক্ৰমণত দুয়োগৰাকী মাছমৰীয়াৰ মৃত্যু হৈছিল।

এনেকুৱা বিভিন্ন ধৰনৰ ঘটনা এই বিশেষ আইলেণ্ডটোৰ চেন্তিনেলিছ জনজাতিৰ লোকসকলে সংঘটিত কৰি আহিছে

চেন্টিনেলী গোট হৈছে এখন গুপ্ত, নিৰ্জন আৰু বাহ্যিক জগতৰ পৰা সম্পূৰ্ণ পৃথক অৱস্থাত থকা আদিবাসী জনগোষ্ঠী।
বিজ্ঞানসন্মতভাৱে চেন্তিনেলিছ জনজাতি হৈছে প্ৰাচীন মানৱজাতিৰ জ্বলন্ত উদাহৰণ।
যাৰ বাবে তেঁওলোক হৈছে বিশ্বৰ আটাইটকৈ পুৰনি আৰু পৃথক জনজাতি।

তেওঁলোকে নিজৰ পৰিচয়, সংস্কৃতি আৰু জীৱনধাৰা বৰ্তমানলৈ অক্ষুন্ন ৰাখিছে , গতিকে এনেকুৱা এটা বিশেষ জনজাতিৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ জীৱনধাৰাত হস্তক্ষেপ নকৰাটো মানৱ জাতিৰ এটা দায়িত্ব।

Leave a Reply