Braking

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ । দেশৰ কোটি কোটি লোকে লাভ কৰিলে এই ধন ।

৯ কোটি ৭০ লাখ কৃষকলৈ ঋণৰ ধন বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০তম কিস্তিৰ জৰিয়তে ২০ হাজাৰ ৫০০ কোটি টকাৰ হস্তান্তৰ কৰে । বাৰাণসীত অনুষ্ঠিত মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

আনহাতে ৰাজ্যৰ লাহোৱালস্থিত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰতো আয়োজন কৰা হয় এই অনুষ্ঠান । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ ।

উল্লেখ্য যে ২০১৯ চনতে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই আঁচনি । ইতিমধ্যে ২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত কৃষকৰ সুবিধাৰ্থে এটা মোবাইল এপ্লিকেচন “PM KISHAN” য়ো মুকলি কৰিছিল । পিছলৈ ২০২৩ চনৰ আন কিছু সুবিধাও সন্নিৱিষ্ট কৰিছিল ।

Leave a Reply