জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত I নিৰাপত্তা বাহিনীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী I
জম্মু-কাশ্মীৰৰ কুলগাম জিলাত অব্যাহত আছে সন্ত্ৰাসবিৰোধী অভিযান ।
শুকুৰবাৰে সন্ধিয়াৰে পৰা চলিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান । কুলগামত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয় । আখাল বনাঞ্চলত আত্মগোপন কৰি আছিল সন্ত্রাসবাদীটো । সেনাৰ গুলীচালনাত মৃত্যু হয় দুধৰ্ষ সন্ত্ৰাসবাদীটোৰ । Special Operations Group (SOG), the Jammu and Kashmir Police, the Army আৰু CRPF ৰ সহযোগত চলিছিল এই অভিযান ।
এই সপ্তাহত জম্মু-কাশ্মীৰত এইটো সন্ত্ৰাসবাদীৰ সৈতে তৃতীয়টো সংঘৰ্ষত ।
এই এনকাউণ্টাৰসমূহত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত তিনিওজনকে ধৰি ছয়জন সন্ত্ৰাসবাদী নিহত হয় I