Braking

নিৰাপত্তা বৃদ্ধিৰ বাবে “মিছন সুদৰ্শন চক্ৰ” ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত “মিছন সুদৰ্শন চক্ৰ” প্ৰকল্পৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণত ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা প্ৰদানৰ বাবে থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই প্ৰকল্পৰ কথা ঘোষণা কৰে।


“মিছন সুদৰ্শন চক্ৰ” মুকলি কৰাৰ কথা ঘোষণা কৰি মোদীয়ে কয় যে, ইয়াৰ লক্ষ্য হ’ব শত্ৰুৰ ভাবুকি নিষ্ক্ৰিয় কৰা আৰু ভাৰতৰ আক্ৰমণাত্মক ক্ষমতা বৃদ্ধি কৰা।


“শত্ৰুৱে আমাক আক্ৰমণ কৰাৰ যিকোনো প্ৰচেষ্টা বিফল কৰিবলৈ শক্তিশালী অস্ত্ৰ ব্যৱস্থা সৃষ্টিৰ বাবে ভাৰতে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব।”

লগতে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আমি ভগৱান কৃষ্ণৰ সুদৰ্শন চক্ৰৰ পথ বাছি লৈছো।
ভাৰতে আৰম্ভ কৰিছে ‘মিছন সুদৰ্শন চক্ৰ ’… এক শক্তিশালী অস্ত্ৰ ব্যৱস্থা যিয়ে শত্ৰুৰ আক্ৰমণ নিষ্ক্ৰিয় কৰাই নহয়, প্ৰতিশোধমূলক আক্ৰমণ কৰিব”

প্ৰধানমন্ত্ৰী গৰাকীৰ এই ঘোষণাৰ পিছত ভাৰত আন এক শক্তিৰ ফালে আগুৱাই যাবলৈ সক্ষম হ’ব ।

Leave a Reply