উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভয়ংকৰ ঘটনা I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I
দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানসা দেৱী মন্দিৰ পথত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে ।
মানসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জনৰ মৃত্যু ঘটে । মানসা দেৱী মন্দিৰৰ পথত হঠাতে বিদ্যুৎ প্ৰবাহৰ উৰাবাতৰি বিয়পি পৰাত বিশৃংখল হৈ পৰে । এই ঘটনাৰ পিছতেই উপস্থিত ভক্তসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয় । ফলত পদপিষ্ট হৈ ৬ ভক্তৰ মৃত্যু হয় । লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে ।
ঘটনাস্থলীত আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ দলে আহতসকলক চিকিৎসালয়লৈ নিবলৈ আৰম্ভ কৰে । আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও দুৰ্ঘটনাটোৰ বাবে অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।