NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’ I
NCERT য়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ ।
NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব “অপাৰেচন সিন্দূৰ” । দেশপ্ৰেম শিক্ষাৰ নতুন অধ্যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সচেতনতা অনাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ NCERT ৰ । ভাৰতীয় সেনাৰ আধুনিক ইতিহাসত বীৰত্বৰ প্রতীক হিচাপে পৰিগণিত এই সামৰিক অভিযান “Operation Sindoor” ক তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হ’ব ।
শেহতীয়াকৈ পেহেলগামত পাকিস্তানে চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত বহুতো নিৰীহৰ মৃত্যু হৈছিল
। এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলাইছিল এক অভিযান । এই অভিযানৰ নামেই আছিল অপাৰেচন সিন্দুৰ । NCERTৰ মতে এই পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলে কেৱল পাঠ্যক্ৰমতে সীমাবদ্ধ নাথাকি , দেশৰ সুৰক্ষাৰ সৈতে জড়িত বাস্তৱিক ঘটনা , সাহসিকতা আৰু দেশপ্ৰেমৰ মূল্যবোধ বুজি পোৱা । এই সিদ্ধান্তৰ ফলস্বৰূপে সমগ্ৰ দেশৰ চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহত এই পাঠ্যাংশ সন্নিৱিষ্ট কৰা হব ।
NCERT য়ে ইতিমধ্যেই বিশেষজ্ঞসকলৰ এটা দলেৰে মডিউল তৈয়াৰ আৰম্ভ কৰিছে।
এই পদক্ষেপ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো , ২০২৩ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অধীনত NCERT ৰ এক অংশ। NCERTৰ এই পদক্ষেপে ভাৰতৰ শিক্ষাক্ষেত্ৰত দেশপ্ৰেমমূলক শিক্ষাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে ।