Braking

সাহিত্যাচাৰ্য, নলবাৰী ৰত্ন ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ মহাপ্ৰয়াণ ।

মহীৰুহৰ মহাপ্ৰয়াণ বিশিষ্ট সাহিত্যিক, ‘নলবাৰী ৰত্ন’, সাহিত্যাচাৰ্য, ভাষা-সাহিত্যৰ গৱেষক, পণ্ডিত ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ মহাপ্ৰয়াণ ।

ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ১৯৪২ চনত নলবাৰীৰ বাউসীয়াপাৰা গাঁৱত জন্ম হৈছিল। সৰুৰে পৰা অত্যন্ত মেধাৱী আছিল বসন্ত কুমাৰ ভট্টাচাৰ্য । ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৯৬ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ১৯৬৭ চনত সৰভোগৰ বৰনগৰ কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল ।

বসন্ত কুমাৰ ভট্টাচাৰ্যই ১৯৬৭ চনৰ ১৬ আগষ্ট তাৰিখে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । তাৰ পিছত ১৯৬৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে নলবাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা স্বৰূপে যোগদান কৰে। ২০০২ চনৰ ৩১ জানুৱাৰী তাৰিখে ভট্টাচাৰ্যই নলবাৰী মহাবিদ্যালয়ৰ পৰা বিভাগীয় প্ৰধানৰূপে অৱসৰ লোৱাৰ পিছত তেওঁ ২০১১ চনলৈকে নলবাৰী মহাবিদ্যালয় আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়্ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অতিথি প্ৰবক্তা হিচাপে অধ্যাপনা কৰিবলৈ লয়। ভট্টাচাৰ্যই কেবাখনো জুনিয়ৰ মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষৰূপে যোগদান কৰি অৱদান আগবঢ়ায়।

সাহিত্যি চৰ্চাৰ প্ৰতি আগ্ৰহী বসন্ত কুমাৰ দেৱে সৰুৰে পৰা লিখা-মেলা কৰিছিল ৷ প্ৰথম অৱস্থাত বিভিন্ন আলোচনী , বাতৰি কাকত আদিত লিখা-মেলা কৰিছিল আৰু পিছলৈ ৭৫ খনকৈ গ্ৰন্থ প্ৰকাশ কৰে সাহিত্যিকগৰাকীয়ে ।

তেওঁৰ কবিতা পুথিসমূহ হৈছে তোমাৰ হৃদয়ৰ উমেৰে (২০০৫) , এখন বেগবতী নদীৰ দৰে তুমি (২০০৬) , নৈপৰীয়া গছ এজোপাৰ ছাঁত (২০০৬) বুকুৰ বাগিছাত ফুলিল এপাহ খৰিকাজাঁই (২০০৮) জোনাকে চুই যাই তোমাক (২০১১) , নিশব্দে এই সেউজীয়াত (২০১২) , অৰণ্য ফালি এজাক চৰাই (২০১৩) , নিজানত অকলে কেতিয়াবা (২০১৫) দুহাত মেলি শূন্যতাত (২০১৭) ।

তেওঁৰ গল্পপুথি সমূহ হৈছে প্ৰতিবাদ (১৯৭৪) ,  , বোধন (১৯৭৫) , অৱৰোধ (১৯৭৯)
এটি নিশাৰ বাতৰিৰে (১৯৮১) , আকাশ আজিও নীলা (১৯৮৩) , দুষ্ট প্ৰজাপতি (১৯৮৬)
দু:স্বপ্নৰ সময় (১৯৮৭) , গ্ৰহণ (১৯৮৮) , ক্লান্ত অপৰাহ্ন (১৯৮৯) , অসংলগ্ন স্বৰ (১৯৯১)
মানুহ আছে মানুহ নাই (১৯৯৫) , এটা গল্পৰ আৰম্ভণি (১৯৯৭) , অন্ধকাৰত মই অকলে (২০০০) , স্বপ্ন-দু:স্বপ্নৰ ভগ্নাংশ (২০১০) , নিষিদ্ধ আলাপ (২০১২) , বসন্ত কুমাৰ ভট্টাচাৰ্যৰ গল্প সমগ্ৰ(প্ৰথম খণ্ড) (২০১৭) ।

সাহিত্যিকৰ লগতে নাট্যকাৰ হিচাপেও বিশেষভাৱে পৰিচিত ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য ৷ তেওঁৰ দ্বাৰা লিখিত বহু কেইখন নাটক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত ইতিমধ্যে মঞ্চস্থ কৰা হৈছে ৷ তেওঁৰ দ্বাৰা লিখিত কেইখনমান নাটক হৈছে- ক্লান্তি কল্লোল, শতাব্দীৰ মৃত্যু, জীৱন কল্লোল, খোজ ইত্যাদি ।

বিভিন্ন সময়ত বিভিন্ন বঁটাৰে সন্মানিত হৈছে এই গৰাকী বিশিষ্ট ব্যক্তিয়ে । তেওঁ লাভ কৰিছে সমন্বয় বঁটা, ৰামধেনু বঁটা, এনাজৰী বঁটা, অসম নাট্য সন্মিলনৰ দ্বাৰা কৃপানাথ বৈশ্য সাহিত্য বঁটা , ২০১৪ চনত নলবাৰী সাহিত্য সভাৰ দ্বাৰা ‘নলবাৰী ৰত্ন’ , ২০১৬ চনত অসম সাহিত্য সভাৰ দ্বাৰা ‘সাহিত্যচাৰ্য’ সন্মান প্ৰদান কৰা হয় ।

ভট্টাচাৰ্য ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ । তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ।

Leave a Reply