“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |
কবি মই নাছিলো কোনোকালে |
আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰৰ জন্মদিন । আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য ৷ হীৰেন ভট্টাচাৰ্য দেৱৰ জন্ম হৈছিল ১৯৩২ চনত যোৰহাটত ৷ ‘হীৰুদা’ নামেৰে তেওঁ অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত বিশেষভাৱে পৰিচিত । সৰুৰে পৰাই লিখা মেলা কৰি ভালপোৱা হীৰুদাই শিক্ষকতা বৃত্তিতো নিয়োজিত হৈছিল । হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। উল্লেখযোগ্য সাহিত্যকৰ্ম সমুহ হৈছে তোমাৰ গান , বিভিন্ন দিনৰ কবিতা , কবিতাৰ ৰ’দ , সুগন্ধি পখিলা , শইচৰ পথাৰ মানুহ , মোৰ প্ৰিয় বৰ্ণমালা , ভালপোৱাৰ বোকা-মাটি , ভালপোৱাৰ দিক্চৌ বাটেৰে , বাচকবনীয়া কবিতা আদি ।
সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাহিত্য অকাডেমি বঁটা , অসম উপত্যকা সাহিত্য বঁটা’ , চোভিয়েট দেশ নেহেৰু বটাঁ ,অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা , কে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছিল ।
২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে ।
আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰৰ জন্মদিন I কবিগৰাকীৰ জন্মদিনত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।