Braking

জীৱন-মৰণৰ সন্ধিক্ষণত এক কঠিন সিদ্ধান্ত ইউথেনেছিয়া (Euthanasia)

জীৱন-মৰণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া । কিন্তু যিমানে গতিশীল সমাজৰ সৈতে গতি কৰিছোঁ ধাৰণা বোৰেই যে সময়ৰ সোঁতত সলনি হৈ নতুন পথৰ দিশে গতি কৰিছে । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া ।

আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া।  মৃত্যুমুখত পৰা ৰোগীৰ স্থায়ী সমাধান “দয়া –হত্যা”(Mercy killing) অৰ্থাৎ ইউথেনেছিয়া । Mercy Killing বা দয়া-মৃত্যু হৈছে Euthanasia-ৰ আন এটা নাম। ইয়াৰ অৰ্থ কোনো ব্যক্তি বা ৰোগীক যন্ত্ৰণাহীনভাৱে মৃত্যু ঘটোৱা, বিশেষকৈ তেতিয়া যেতিয়া তেওঁ দুৰাৰোগ্য ৰোগত ভুগি আছে আৰু অসহনীয় কষ্টৰ সন্মুখীন হৈছে । সহজ অৰ্থত ‘ইউথেনেছিয়া’ মানে সহজ মৃত্যু । ইউথেনেছিয়া হ’ল কাৰোবাৰ দুখ-কষ্টৰ পৰা উপশম পাবলৈ জীৱনৰ অন্ত পেলোৱাৰ এক উপায় । প্রকৃতার্থত ইচ্ছামৃত্যু শব্দটো আহিছে গ্রীক শব্দ ‘ইউথেনেছিয়া’ (euthanasia) ৰ পৰা। ইউ (Eu) মানে (good) ভাল আৰু থানাট’ছ (Thanatos) মানে মৃত্যু (death)। এই মৃত্যুক যন্ত্রণাহীন মৃত্যু বুলি কোৱা হয় । ইংৰাজ দাৰ্শনিক ছাৰ ফ্ৰান্সিছ বেকনে ১৭ শতিকাৰ আৰম্ভণিতে “ইউথেনেছিয়া” বাক্যাংশটোৰ উদ্ভাৱন কৰিছিল ইউথেনেছিয়া (Euthanasia) এক বিতর্কিত চিকিৎসা লগতে নৈতিকতা আৰু আইনী বিষয়। ইয়াৰ অৰ্থ হৈছে কোনো ব্যক্তিয়ে অসহনীয় যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ বাবে মৃত্যুক নিৰ্বাচিত কৰে ।

একাধিক দেশত ইয়াক আংশিক বা সম্পূৰ্ণভাৱে অনুমোদন দিয়া হৈছে, কিন্তু বহু ঠাইত ইয়াক আইনগতভাৱে নিষিদ্ধ আৰু নৈতিকভাৱে সন্দেহজনক বুলি গণ্য কৰা হয় । বহু ধৰ্মীয় বিশ্বাসত ইউথেনেছিয়াক “আত্মহত্যাৰ এক প্ৰকাৰ” বুলি বিবেচনা কৰা হয়। স্মর্তব্য নেদাৰলেণ্ডত ইচ্ছামৃত্যু আইনগতভাৱে বৈধ। বেলজিয়াম, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড আদি দেশেও ইচ্ছামৃত্যুৰ সিদ্ধান্তক মানি লৈছে। ভাৰতত ইচ্ছামৃত্যুৰ সম্পর্কত এতিয়াও বাদ-বিবাদ অব্যাহত আছে।বিভিন্ন দেশত ইউথেনেছিয়াৰ স্বীকৃতি পৃথক-পৃথক । নেদাৰলেণ্ড , বেলজিয়াম, কানাডা আদি দেশত সক্ৰিয় ইউথেনেছিয়া বৈধ । ভাৰত, জাৰ্মানী, ফ্ৰান্স আদি দেশত নিষ্ক্ৰিয় ইউথেনেছিয়া অনুমোদিত কিন্তু সক্ৰিয় ইউথেনেছিয়া অবৈধ । বাংলাদেশ আৰু ভাৰতৰ অধিকাংশ ঠাইত ইউথেনেছিয়া আইনীভাৱে বিতৰ্কিত আৰু সীমিত ক্ষেত্ৰতহে অনুমোদিত।

ইউথেনেছিয়া প্ৰধানত দুই প্ৰকাৰৰ । এটা হৈছে সক্ৰিয় ইউথেনেছিয়া (Active Euthanasia) আৰু আনটো নিষ্ক্ৰিয় ইউথেনেছিয়া (Passive Euthanasia) । সক্ৰিয় ইউথেনেছিয়াত চিকিৎসকৰ সহায়ত কোনো ঔষধ বা পদাৰ্থ ব্যৱহাৰ কৰি ৰোগীৰ মৃত্যু ঘটোৱা হয় । নিষ্ক্ৰিয় ইউথেনেছিয়াত ৰোগীক লাইফ-চাপোৰ্ট (Ventilator, Oxygen), চিকিৎসা, বা খাদ্য-পানীয় বন্ধ কৰি মৃত্যু ঘটোৱা হয়। নিষ্ক্ৰিয় ইউথেনেছিয়া কিছুমান দেশত আইনীভাৱে অনুমোদিত।

সমৰ্থকসকল ক’বে যে ইউথেনেছিয়া জীৱনৰ অন্তিম অৱস্থা বা অযথা যন্ত্ৰণা ভোগ কৰাৰ পৰা ৰোগীক মুক্তি দিয়া এক প্ৰক্ৰিয়া , গতিকে ইয়াৰ গ্ৰহণযোগ্যতা আছে । জীৱন-মৰণৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ ৰোগীৰ হাতত থাকিব লাগিব। আনহাতে বিৰোধীসকল ক’ব বিচাৰে যে ই নৈতিকভাবে অপৰাধ আৰু চিকিৎসকৰ দায়িত্বক অপব্যৱহাৰ কৰাৰ দৰে । ব্যক্তিৰ মৃত্যুত চিকিৎসকৰ ভূমিকাই চিকিৎসা বৃত্তিৰ কেন্দ্ৰীয় নীতি উলংঘা কৰে । তদুপৰিসকলোৰে জীয়াই থকাৰ অধিকাৰ আছে , এই অধিকাৰ খৰ্ব কৰা অনুচিত । ধৰ্মীয় দৃষ্টিকোণৰ পৰা প্ৰায় সকলো ধৰ্মত জীৱন সংৰক্ষণক গুৰুত্ব দিয়া হয় আৰু ইউথেনেছিয়াৰ বিৰোধিতা কৰা হয়।

ভাৰতত ইচ্ছামৃত্যু বৈধ নে অবৈধ ?

উচ্চতম ন্যায়ালয়ে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত মৰ্যাদাৰে মৃত্যুৰ অধিকাৰ এক মৌলিক অধিকাৰ বুলি গুৰুত্ব আৰোপ কৰিছে। এক ঐতিহাসিক পদক্ষেপ হিচাপে কৰ্ণাটক স্বাস্থ্য বিভাগে ২০২৫ চনৰ ৩০ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে মৃত্যুমুখত পৰা ৰোগীক মৰ্যাদাৰে মৃত্যুৰ অনুমতি দি ৰায়টো কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰে।

অৰুণা শ্বানবাগৰ কাহিনী আছিল অতি মৰ্মান্তিক । যিয়েই এক দীঘলীয়া সময় ধৰি যুঁজি আছিল। ৪২ বছৰ মৃতদেহৰ দৰে জীয়াই আছিল অৰুণা ।

১৯৭৩ চনৰ ২৭ নৱেম্বৰত মুম্বাইৰ কে ই এম হাস্পতালত কৰ্মৰত নাৰ্ছ অৰুণা শ্বানবাগে ধৰ্ষণ আৰু অমানুষিক অত্যাচাৰৰ সন্মুখীন হৈছিল যাৰ ফলত ৪২ বছৰ ধৰি ক’মাত থাকিব লগা হৈছিল । অৰুণাক সেইদিনা কুকুৰৰ ডিঙিক বন্ধা চেইনেৰে ডিঙিত মেৰিয়াই ধৰা হৈছিল ইয়াৰ ফলত অৰুণাৰ ডিঙিৰ শিৰা সৰু হৈ পৰাত মগজুলৈ তেজৰ সঞ্চালন বন্ধ হৈ যায়। অৰুণা অচেতন হৈ পৰে আৰু কোৱা হয় যে ইয়াৰ পিছত ছোহনলালে তেওঁক ধৰ্ষণ কৰিছিল । ১০-১১ ঘন্টা অৰুণা ঘটনাস্থলীতে পৰি আছিল। যেতিয়া সহকৰ্মীয়ে অৰুণাক দেখে লগে লগে হৈ চৈৰ সৃষ্টি হয় আৰু তেওঁৰ চিকিৎসা আৰম্ভ হয়। অৰুণাৰ জীৱিত মৃতদেহটোৰো যেন প্ৰতি ক্ষণত মৃত্যু হৈছিল , বছৰ বছৰ ধৰি এটা মৃতদেহৰ দৰে জীয়াই আছিল । অৰুণাই ইচ্ছামৃত্যু বিচাৰিছিল। কিন্তু সেই অনুমতি উচ্চতম ন্যায়ালয়ে তেওঁক দিয়া নাছিল। পিছত ২০১৫ চনৰ ১৮ মে’ত নিউম’নিয়াত আক্ৰান্ত হৈ শ্বানবাগৰ মৃত্যু হয় । ৪২ বছৰ মৃতদেহৰ দৰে জীয়াই আছিল অৰুণা ।

ভাৰতৰ চুপ্ৰিম কোৰ্টে প্ৰথমবাৰৰ বাবে ২০১১ চনত  নিষ্ক্ৰিয় ইউথেনেছিয়া (Passive Euthanasia) ক সম্পূৰ্ণ আইনী নিয়ন্ত্ৰণৰ সৈতে অনুমোদন দিয়াৰ প্ৰস্তাৱ দিয়ে । ২০১৮ চনত ভাৰতৰ চুপ্ৰিম কোর্টে নিষ্ক্ৰিয় Euthanasia অনুমোদন কৰে। ৰোগীয়ে “Living Will” (অগ্ৰিম ইচ্ছাপত্ৰ) ৰাখিবলৈ পাৰে । এই ক্ষেত্ৰত কিছুমান বিশেষ চৰ্ত পূৰণ কৰিব লাগিব যেনে ৰোগী নিৰাময়-অযোগ্য ৰোগত আক্রান্ত হ’ব লাগিব , চিকিৎসকসকলৰ এটা বিশেষ কমিটিৰ অনুমোদন লাগিব , জীৱিত কালত ৰোগীয়ে “Living Will” লিখি ৰাখিব লাগে (যদি তেওঁ অসুস্থ হৈ নিজে সিদ্ধান্ত ল’ব নোৱাৰে) আৰু কোৰ্টৰ অনুমোদন ল’ব লাগিব । ২০১১ চনৰ অৰুণা শ্বানবাগ’ , ২০১৮ চনৰ কমন ক’জ আৰু এটা আদেশৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ভাৰতত সীমিত পৰিস্থিতিত পেচিভ ইউথেনাচিয়া বৈধ ঘোষণা হয় ।

ইউথেনেছিয়া এক জটিল, নৈতিক আৰু আইনী বিতৰ্কৰ বিষয়। একাধিক দেশত নিষ্ক্ৰিয় ইউথেনেছিয়া স্বীকৃতিপ্ৰাপ্ত হৈছে যদিও সক্ৰিয় ইউথেনেছিয়া এতিয়াও বিতৰ্কৰ বিষয়। ই ব্যক্তিগত অধিকাৰ, চিকিৎসা নৈতিকতা আৰু সমাজৰ মূল্যবোধৰ সৈতে জড়িত।

Leave a Reply