Braking

অসমত ২০২৬ৰ ৰণশিঙা বজাব নেকি ৰাহুল গান্ধীয়ে ?

অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰিবলৈ আজি অসমলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে

আজি অৰ্থাৎ বুধবাৰে অসমত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী।

পুৱা ১০ বজাত বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সমীপৰে হোটেল কিৰণ শ্ৰী গ্ৰেণ্ডত দুয়ো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ সৈতে মিলিত হয় ।

এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে জনাই, “পুৱা ১০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী ।

তেওঁ লগতে জনাই, “ইয়াৰ পিছতে বিমানবন্দৰৰ পৰা পোনে পোনে বনগাঁৱৰ জনসভাত ভাগ লয়।
ইয়াৰোপৰি ৰাজ্যৰ মণ্ডল পৰ্যায়ৰ ২৫০ গৰাকী বিষয়ববীয়াৰ লগতে ব্লক পৰ্যায়ৰ আৰু ৩৫ গৰাকী কংগ্ৰেছ জিলা সভাপতিৰ সৈতে বৈঠকত মিলিত হয় গান্ধী আৰু খাৰ্গে ।
এই বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীসকলেও অংশগ্ৰহণ কৰে।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজোৱাৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কি কি নীতি নিয়ম ৰণকৌশল অৱলম্বন কৰিব এই সন্দৰ্ভতো আজিৰ সভাত আলোচনাত মিলিত হয় ৰাহুল গান্ধী সহিতে দলীয় সতীৰ্থসকল।

কালি অথাৎ মঙলবাৰে প্ৰস্তুতিৰ বুজ লবলৈ বনগাঁৱত উপস্থিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে আদি কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকল । এই সভা সাফল্যমণ্ডিত হ’ব আৰু ই সাংগঠনিক দিশত এক নতুন খোজ হ’ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

Leave a Reply